খানাপাৰাৰ স্বাধীনতা দিৱসস্থলীৰ পৰা আলফা(স্বা)ক মুখ্যমন্ত্ৰীৰ বিশেষ আহ্বান, পঢ়ক

A

নিউজ ডেস্ক:

খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত ৰাজ্য চৰকাৰে পালন কৰে ৭৫সংখ্যক দেশৰ স্বাধীনতা দিৱস।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তোলন কৰে পতাকা।পতাকা উত্তোলন কৰি দেশৰ স্বাধীনতা আন্দোলন বীৰ যোদ্ধা সকলক স্মৰণ কৰে।জাতিৰ পিতা মহাত্মা গান্ধীৰ অৱদান সোঁৱৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ৰাজ্য চৰকাৰ আৰু প্ৰশাসনৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে পতাকা উত্তোলন স্থলীত।

আনহাতে, পতাকা উত্তোলন কৰি সংযুক্ত মুক্তি বাহিনী অসমৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাক মূল সুঁতি লৈ ঘূৰি অহাৰ আহ্বান জনাই শৰ্মাই কয়-"পাহুৱাল ডেকাৰ মৃত্যু সাক্ষী  আৰু কোনেও নহওঁ।আলোচনাৰ মাজলৈ আহক"৷

বড়ো ভূমিত শান্তিৰ মলয়া বতাহ বলিছে।এই শান্তি স্থায়ী হ’ব- ডঃ শৰ্মাই কয়।

ইফালে নতুন চৰকাৰৰ তিনিমহীয়া সফলতা অৱগত কৰে মুখ্যমন্ত্ৰীয়ে।লগতে অলিম্পিক বিজয়ী প্ৰথম গৰাকী অসমীয়া লাভলীনা বৰগোঁহাইক প্ৰশংসা কৰে শৰ্মাই।

অসম মিজোৰাম সীমান্তত শ্বহীদ হোৱা অসম আৰক্ষীৰ ৬ গৰাকী জোঁৱানক সোঁৱৰণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

উল্লেখ্য যে  ৰাজ্য চৰকাৰৰ স্বাধীনতা দিৱসৰ স্থলীত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ পৰিয়াল।B

Your Comments