এজেপিৰ স্বাক্ষৰ অভিযান সমাপ্ত:বৰঝাৰ বিমানবন্দৰ আদানী গ্ৰুপক হস্তান্তৰ কৰিবলৈ দিয়া নহ'ব: লুৰীণ

A

নিউজ ডেস্ক :

গুৱাহাটী বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ আদানী গ্ৰুপক হস্তান্তৰ কৰা সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত অসম জাতীয় পৰিষদে আৰম্ভ কৰা গণ-স্বাক্ষৰ অভিযানৰ প্ৰথম পৰ্যায়ৰ আজি সামৰণি পৰে৷বৰঝাৰ এয়াৰপোৰ্ট গে'ট তিনিআলিত  ৯আগষ্টৰ পৰা আৰম্ভ হৈছিল স্বাক্ষৰ অভিযান। সপ্তাহজোৰা অভিযানৰ শনিবাৰে অন্তিমদিনা পাঁচ শতাধিক লোকে বিমানবন্দৰ আদানী গ্ৰুপক হস্তান্তৰৰ প্ৰতিবাদ জনায় প্ৰতিবাদ-পত্ৰত স্বাক্ষৰ কৰে৷ 

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে শনিবাৰৰ কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰি কয়- 'দলে আৰম্ভ কৰা গণ-সচেতনতা অভিযানৰ এয়া আৰম্ভণি। বিজেপি চৰকাৰে এপদ-এপদকৈ দেশৰ সকলো লাভজনক উদ্যোগক নিৰ্দিষ্ট কিছুসংখ্যক পুঁজিপতি গোষ্ঠীৰ হাতত গতাই দিয়া এনে কাৰ্যৰ বিৰুদ্ধে দলে প্ৰতিবাদ অব্যাহত ৰাখিব৷বিমানবন্দৰ আদানী গ্ৰুপক গতাই দিয়া সিদ্ধান্তৰ বিৰুদ্ধে জনমত গঠনৰ পৰৱৰ্তী পদক্ষেপ হিচাপে দলে এইবাৰ অনলাইনযোগে গণ-স্বাক্ষৰ সংগ্ৰহৰ অভিযান আৰম্ভ কৰিব'।


উল্লেখ্য যে অসমবাসীৰ আবেগ জড়িত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰটো ভাৰত চৰকাৰে আদানী গ্ৰুপক ৫০ বছৰৰ কাৰণে লীজত দিছে৷অহা অক্টোবৰ মাহৰ পৰা ব্যক্তিগত কোম্পানীটোয়ে বিমানবন্দৰ অপাৰেচন, ডাবল পেমেন্ট আৰু মেনেজমেন্টৰ দায়িত্ব গ্ৰহণ কৰিব৷তাৰ পূৰ্বে যোৱা ৯ আগষ্টৰ দিনা আদানী গ্ৰুপে বিমান বন্দৰটিৰ উক্ত কামখিনিৰ পৰ্যবেক্ষণৰ দায়িত্ব লৈছে৷ 

আনুষ্ঠানিক দায়িত্ব গ্ৰহণৰ পূৰ্বেই আদানী গ্ৰুপে ইতিমধ্যে বিমান বন্দৰত কৰ্মৰত কৰ্মচাৰীসকলক আবাসগৃহ খালী কৰা আৰু বিমানবন্দৰ চৌহদৰ বাহিৰত দোকান-পোহাৰ দি থকা ব্যৱসায়ীসকলক দোকান -পোহাৰ বন্ধ কৰি ঠাই খালী কৰিবলৈ নিৰ্দেশ দিয়া বুলি এজেপি নেতৃত্বই কয়।

Your Comments