বৰঝাৰত লাভলীনাক আদৰণি আছু-যুৱ ছাত্ৰ পৰিষদৰ

A

নিউজ ডেস্ক:


গুৱাহাটী বৰঝাৰ বিমানবন্দৰত বিভিন্ন সংগঠনে আদৰণি জনাই অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহাইক।সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই সম্বৰ্ধনা জনায় লাভলীনাক ৷

আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, সভাপতি দীপাংকৰ কুমাৰ নাথ বিমানবন্দৰত উপস্থিত হয়।

বিমানবন্দৰত উপস্থিত মুহূৰ্তত লাভলীনাক বিভিন্ন জনে শুভেচ্ছা জনায়৷

ইফালে বিমানবন্দৰৰ বাহিৰত সাজু ৰখা মঞ্চত লাভলীনাক শুভেচ্ছা জনাই বক্সাৰ যমুনা বড়োৰ প্ৰমুখ্যে সতীৰ্থসকলে।

গুৰুত্বপূৰ্ণ কথা যে  আজি বিয়লি অসম চৰকাৰে সম্বৰ্ধনা জনাব লাভলীনাক।

Your Comments