বৰঝাৰত এজেপি গণ স্বাক্ষৰ সংগ্ৰহকাৰীক আটক আজাৰা আৰক্ষীৰ

A

নিউজ ডেস্ক:

গুৱাহাটীৰ বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ আদানী গ্ৰুপক হস্তান্তৰ কৰাৰ প্ৰতিবাদত অসম জাতীয় পৰিষদে চলোৱা সপ্তাহযোৰা গণ স্বাক্ষৰ অভিযানৰ আজি তৃতীয় দিন৷তৃতীয় দিনা আৰক্ষীৰ বাধা অতিক্ৰম কৰি স্বাক্ষৰ অভিযান চলাই এজেপি কর্মীসকলে।

বুধবাৰে আৰক্ষীৰ বাধা অতিক্ৰম কৰি এজেপি কর্মীসকলে স্বাক্ষৰ সংগ্ৰহ কৰিবলৈ বিমান বন্দৰৰ দিশে সমদল কৰি অগ্ৰসৰ হয়।
সমদলক বাধা দিবলৈ আৰক্ষীয়ে বিমানবন্দৰ গৰল চাৰিআলিত বেৰিকেট দিয়ে।আৰক্ষী বেৰিকেট অতিক্ৰম কৰিবলৈ চেষ্টা কৰা বাবে এজেপি স্বাক্ষৰ গ্ৰহণকাৰীক আজাৰা আৰক্ষীয়ে আটক কৰে।এই কথা জনাইছে এজেপিৰ প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে।B

Your Comments