পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰে ২৩,০০০ কোটিৰ মুনাফা অৰ্জন ৰাজ্য চৰকাৰসমূহৰ

petrol_disel

কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে ক্ৰমাগতভাৱে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰাত অপ্ৰত্যাশিতভাৱে সৰ্বাধিক লাভৱান হৈছে দেশৰ ৰাজ্য চৰকাৰসমূহ ৷ কেৱল চলিত ২০১৮-১৯ বিত্তীয় বৰ্ষতেই পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত দেশৰ ৰাজ্য চৰকাৰসমূহে প্ৰায় ২৩,০০০ কোটি টকা মুনাফা অৰ্জন কৰিছে ৷ এই ৰাজ্যসমূহৰ ভিতৰত মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশ চৰকাৰে ইন্ধনৰ ওপৰত ধাৰ্য কৰা সৰ্বাধিক হাৰত মূল্য আৰোপিত কৰৰ বাবদ সৰ্বোচ্চ পৰিমাণৰ মুনাফা অৰ্জন কৰিছে৷

উল্লেখ্য যে দেশৰ আটাইবোৰ ৰাজ্যৰ ভিতৰত পেট্ৰ’ল-ডিজেলসহ পেট্ৰ’লিয়াম ইন্ধনৰ ওপৰত মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশ চৰকাৰেই সৰ্বাধিক হাত মূল্য আৰোপিত কৰ ধাৰ্য কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি বিজেপি শাসিত মহাৰাষ্ট্ৰ চৰকাৰে পেট্ৰ’লৰ ওপৰত ধাৰ্য কৰিছে ৩৯.১২ শতাংশ আৰু ডিজেলৰ ওপৰত ২৪.৭৮ শতাংশ হাৰত মূল্য আৰোপিত কৰ (VAT) আৰু চলিত বৰ্ষত এই কৰৰ বাবদ মুনাফা অৰ্জন কৰিছে ৩,৩৮৯ কোটি টকা ৷ বিজেপি শাসিত মধ্যপ্ৰদেশ চৰকাৰে পেট্ৰ’লৰ ওপৰত ৩৫.৭৮ শতাংশ আৰু ডিজেলৰ ওপৰত ২৩.২২ শতাংশ মূল্য আৰোপ কৰ ৷ আৰু মুনাফা অৰ্জন কৰিছে ১,১৩১ কোটি টকা ৷

বিজেপি শাসিত গুজৰাট চৰকাৰে পেট্ৰ’ল-ডিজেলৰ ওপৰত ২৫.৫ শতাংশ হাৰত ধাৰ্য কৰা মূল্য আৰোপিত কৰৰ বাবদ অৰ্জন কৰিছে মুঠ ২৮.৪২ কোটিৰ টকা মুনাফা৷ আনহাতে পেট্ৰ’ল-ডিজেলৰ ওপৰত ধাৰ্য কৰা মূল্য আৰোপিত কৰ হিচাপে তামিলনাডু চৰকাৰে ২১০৯ কোটি টকা, কৰ্ণাটক চৰকাৰে ১৬৫৫ কোটি টকা মুনাফা অৰ্জন কৰিছে ৷

বিজেপি শাসিত উত্তৰ প্ৰদেশৰ মুঠ মুনাফা ১৮৯৫ কোটি টকা আৰু বিজেপি শাসিত ৰাজস্থান চৰকাৰৰ মুঠ মুনাফাৰ পৰিমাণ ১৬৮৬ কোটি টকা ৷ পশ্চিমবঙ্গৰ মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ চৰকাৰে পেট্ৰ’লৰ ওপৰত প্ৰতি লিটাৰত ২৫.৩ শতাংশ  আৰু ডিজেলৰ ওপৰত ১৭.৫ শতাংশ হাৰত ধাৰ্য কৰা মূল্য আৰোপিত কৰ হিচাপে মুনাফা অৰ্জন কৰিছে ৯৩২ কোটি টকা ৷ বিজেপি শাসিত হাৰিয়ানা চৰকাৰে চলিত বৰ্ষত মূল্য আৰোপিত কৰৰ বাবদ মুনাফা অৰ্জন কৰিছে ১২৩৯ কোটি টকা ৷

কংগ্ৰেছ শাসিত পঞ্জাব চৰকাৰে পেট্ৰ’ল-ডিজেলৰ পৰা মূল্য আৰোপিত কৰ বাবদ ৮৩৭ কোটি টকা আৰু বাওঁদল শাসিত কেৰালা চৰকাৰে ৯০৮ কোটি টকা মুনাফা অৰ্জন কৰিছে ৷ লক্ষণীয় যে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত দেশৰ বিজেপি শাসিত ৰাজ্যবোৰেই সৰ্বাধিক হাৰত ধাৰ্য কৰা মূল্য আৰোপিত কৰৰ জৰিয়তে সৰ্বোচ্চ মুনাফা কৰিছে ৷ পূৰ্বৱৰ্তী ২০১৭-১৮ বিত্তীয় বৰ্ষত পেট্ৰলিয়াম সামগ্ৰীৰ পৰা ৰাজ্যসমূহে অৰ্জন কৰা মুনাফাৰ পৰিমাণ আছিল ১.৮৪ লাখ কোটি টকা ৷ আনহাতে ২০১৬-১৭ বৰ্ষত ৰাজ্যসমূহৰ এই মুনাফাৰ পৰিমাণ আছিল ১.৬৬ লাখ কোটি টকা৷

২০১৭-১৮ বৰ্ষত মূল্য আৰোপিত কৰৰ বাবদ মহাৰাষ্ট্ৰ চৰকাৰৰ অৰ্জিত মুনাফাৰ পৰিমাণ আছিল সমগ্ৰ দেশৰ ভিতৰত সৰ্বাধিক ২৫,৬১১ কোটি টকা ৷ আনহাতে উক্ত বৰ্ষত উত্তৰ প্ৰদেশৰ মুনাফা ১৭,৪২০ কোটি টকা, তামিলনাডুৰ মুনাফা ১৫,৫০৭ কোটি টকা, গুজৰাটৰ মুনাফা ১৪,৮৫২ কোটি টকা আৰু কৰ্ণাটক চৰকাৰৰ মুনাফা আছিল ১৩,৩০৭ কোটি টকা ৷

তাৎপৰ্যপূৰ্ণ যে, বিজেপি শাসিত অসম চৰকাৰেও পেট্ৰ’লিয়াম সামগ্ৰীৰ ওপৰত ৩২.৬৬ শতাংশ হাৰত অৰ্থাৎ প্ৰতি লিটাৰত ১৪ টকাকৈ মূল্য আৰোপিত কৰ ধাৰ্য কৰিছে ৷ তৎসত্ত্বেও অসম চৰকাৰৰ ৰাজকোষ ঘাটিৰ পৰিমাণ মুঠ জিডিপিৰ ১২.৭ শতাংশ ৷ লক্ষণীয় যে দেশৰ সৰহ ভাগ ৰাজ্যই আৰু কেন্দ্ৰীয় চৰকাৰে অন্যান্য পণ্যৰ ওপৰত জি এছ টি প্ৰবৰ্তন কৰিছে যদিও পেট্ৰ’লিয়াম সামগ্ৰীৰ ওপৰত জি এছ টি প্ৰবৰ্তন কৰি বিচৰা নাই ৷ ফলত এই বিধ সামগ্ৰীৰ ওপৰত দ্বৈত কৰ অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰা আবকাৰী শুল্ক আৰু ৰাজ্য চৰকাৰসমূহে আৰোপ কৰা মূল্য আৰোপিত কৰ যুক্ত হৈ মূল মূল্যৰ দ্বিগুণৰো অধিক মূল্য হৈ পৰিছে ৷

প্ৰতি লিটাৰ পেট্ৰ’লৰ খুচুৰা বজাৰত মূল্যৰ ৫৫ শতাংশই হৈছে কেন্দ্ৰ আৰু ৰাজ্যই আৰোপ কৰা কৰ ৷ কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী মুখপাত্ৰই কয় যে পেট্ৰ’ল-ডিজেলৰ ওপৰত জি এছ টি প্ৰবৰ্তন কৰিলেও মূল্যৰ বৰ বিশেষ সালসলনি নহ’ব ৷ কাৰণ তেতিয়া ২৮ শতাংশ হাৰত জি এছ টি ধাৰ্য কৰা হ’ব ৷

Your Comments