মহাজোঁটত ৰাইজৰ দল থাকিব নেকি! অখিল গগৈৰ গুৰুত্বপূৰ্ণ ঘোষণা, পঢ়ক

A

নিউজ ডেস্ক:

ৰাজ্যৰ আগন্তক উপ-নির্বাচনৰ সন্দৰ্ভত কংগ্ৰেছৰ সৈতে দুলানি  আনুষ্ঠানিক আলোচনা হৈছে।অনানুষ্ঠানিক আলোচনা কিন্তু বহুত বাৰ হৈছে- এই গুৰুত্বপূৰ্ণ মন্তব্য বিধায়ক অখিল গগৈৰ।

বিধানসভালৈ আহিলেই কংগ্ৰেছৰ নেতৃত্বৰ সৈতে কথা পতা বুলি কৈ অখিলে কয়- "আমাৰ প্ৰস্তাৱ স্পষ্ট সাম্প্ৰদায়িক এআইইউডিএফক লগত লৈ কেতিয়াও মহাজোঁটত থাকিব নোৱাৰো।চৰ্ত যিদিনাখন মানিব সেইদিনাৰ পৰা কংগ্ৰেছৰ সৈতে থাকিম।কিন্তু চৰ্ত নামানিলে মহাজোঁটত থকাতো সম্ভৱ নহয়"।

আনহাতে উপ-নির্বাচনত বিৰোধীৰ দলসমূহক উমৈহতীয়া প্ৰাৰ্থী কৰিব পাৰি নেকি তাৰো প্ৰচেষ্টা অব্যাহত ৰখা বুলি উল্লেখ কৰি গগৈয়ে কয়-' বিজেপিক অসমৰ ৰাজনীতি পৰা আঁতৰ কৰিবলৈ এআইইউডিএফ দলকো বিদায় দিব লাগিব'।

এআইইউডিএফক বিদায় দিবলৈ কোৱা বাবে একাংশ সংখ্যালঘুৱে সমালোচনা কৰা বুলি অখিলে কয় -' মই মুছলমান বিৰোধী নহয়।সমগ্ৰ অসমৰ জাতি-জনগোষ্ঠী, ধৰ্ম মানুহক ভাল পোৱা মানুহ'।

Your Comments