ভাৰতত মাৰ্কিন ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ‘জনছন এণ্ড জনছন’ৰ এটা ড’জ ক’ভিড প্ৰতিষেধক ব্যৱহাৰৰ বাবে অনুমোদন

Vaccine

মাৰ্কিন ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ‘জনছন এণ্ড জনছন’ৰ এটা ড’জ ক’ভিড প্ৰতিষেধক ব্যৱহাৰৰ বাবে অনুমোদন জনাইছে ভাৰত চৰকাৰে। শনিবাৰে এই বিষয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই টুইট যোগে এই বিষয়ে উল্লেখ কৰি কৈছে ভাৰতত ‘জনছন এণ্ড জনছন’ৰ ছিংগল ড’জ কোভিড ভেকচিন দেশত জৰুৰী ব্যৱহাৰৰ বাবে অনুমোদন দিয়া হৈছে। 

উল্লেখ্য যে এই ভেক্‌চিন গ্ৰহণ কৰিলে ব্যক্তিয়ে মাত্ৰ এটা ড’জ ললেই ক’ৰ’নাৰ সৈতে যুঁজিবলৈ সক্ষম হ’ব। দেশত জনছন এণ্ড জনছনৰ ছিংগল ড’জ ভেক্‌চিন প্ৰদানৰ অনুমতি প্ৰদান কৰাৰ লগে লগে ভাৰতত অনুমোদিত ক’ভিড ভেক্‌চিনৰ সংখ্যা ৫ টা হ’ল।

গুৰুত্বপূৰ্ণ কথা যে, জনছন এণ্ড জনছনৰ ছিংগল ড’জ ভেক্‌চিনৰ বাহিৰে আন সকলোবোৰ ভেক্‌চিন ডাৱল ড’জৰ।

Your Comments