লক্ষ্য উপ-নির্বাচন: কংগ্ৰেছৰ নৱ নির্বাচিত সভাপতিৰ কাষত ৰাইজৰ দলৰ প্ৰতিনিধি

A

নিউজ ডেস্ক:

ৰাজ্যৰ  উপ-নির্বাচনত বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱা আহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক সাক্ষাৎ ৰাইজৰ দলৰ প্ৰতিনিধিৰ।ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’-ডি শইকীয়াসহ এক সজাতি দলে নৱনির্বাচিত সভাপতি ভূপেন বৰাক সাক্ষাৎ কৰে।

কংগ্ৰেছ সভাপতিক সাক্ষাৎ কৰি শইকীয়াই কয়- "এইয়া সৌহাদ্যপূৰ্ণ সাক্ষাৎ।মহাজোটৰ সৈতে আমাৰ আলোচনা নহয়।প্ৰদেশ কংগ্ৰেছৰ সৈতেহে আলোচনা কৰিছোঁ৷"

ইফালে পৰৱৰ্তী সময়ত বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহৰ সৈতেও আলোচনাৰ ইংগিত দিয়ে শইকীয়াই।কিন্তু এআইইউডিএফ সাম্প্ৰদায়িক শক্তিৰ সৈতে ৰাইজৰ দল কেতিয়াও নাই বুলিও স্পষ্ট কৰে।

আনহাতে নৱনির্বাচিত প্ৰদেশ কংগ্রেছৰ সভাপতি বৰাই কয়- মহাজোট নেতৃত্বৰে আলোচনা কৰা হ’ব এআইইউডিএফ থকা নথকা সন্দৰ্ভত।উমৈহতীয়া ভাৱে লোৱা হ’ব সিদ্ধান্ত।বিধায়ক অখিল গগৈৰ লগত কাম কৰিব পাৰিলে সুখী।লগতে বৰাই কয় ৰাইজৰ দলৰ নেতৃত্বই এইআইইউদিএফ থকা নথকা সন্দৰ্ভত কোনো মন্তৱ্য কৰা নাই।

উল্লেখ্য যে শুকুৰবাৰে সাক্ষাৎ কৰে ৰাইজৰ দলৰ প্ৰতিনিধিয়ে।

Your Comments