ৰঞ্জন গগৈ ভাৰতৰ নতুন মুখ্য ন্যায়াধীশ

supreme court of india

অৱশেষত অসমবাসীলৈ আহিল সেই বহু প্ৰত্যাশিত খবৰটো । ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়া হৈছে অসম সন্তান তথা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈক । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ‌ই গগৈক দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনৰ মুখ্য ন্যায়াধীশৰূপে বৃহস্পতিবাৰে নিযুক্তি দিয়ে ।supreme court
অহা ৩ অক্টোবৰত মুখ্য ন্যায়াধীশৰূপে ৰঞ্জন গগৈয়ে দায়িত্বভাৰ গ্ৰহণ কৰিব । তেওঁৰ কাৰ্যকাল থাকিব ২০১৯ বৰ্ষৰ নৱেম্বৰ মাহলৈকে । দেশৰ আইনী ক্ষেত্ৰখনৰ অন্যতম বলিষ্ঠ তথা আপোচবিহীন ব্যক্তিত্বৰূপে পৰিচিত ৰঞ্জন গগৈ হ'ব ভাৰতৰ ৪৬ তম মুখ্য ন্যায়াধীশ । 
স্মৰ্তব্য যে বৰ্তমানৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ‍ই তেওঁৰ উত্তৰসুৰী হিচাপে ৰঞ্জন গগৈৰ নাম প্ৰস্তাৱ কৰিছিল । যাৱতীয় আনুষ্ঠানিকতাৰ অন্তত ৰাষ্ট্ৰপতি কোবিন্দ‌ই গগৈক নিযুক্তি প্ৰদান কৰে ।

Your Comments