অসম আৰক্ষীক হত্যাৰ ভাবুকি দিয়া মিজোৰাম সাংসদৰ গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

A

নিউজ ডেস্ক :

অসম আৰক্ষীক হত্যাৰ ভাবুকিৰে বিতৰ্কিত মন্তব্য কৰা মিজোৰাম সাংসদৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ উঠাই লোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।টুইটাৰৰ যোগেদি সাংসদ কে ভানলালভেনা ৰ বিৰুদ্ধে অসম আৰক্ষীত ৰুজু হোৱা গোচৰ উঠাই লোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ।

উল্লেখ্য যে সংবাদ মাধ্যমত মিজোৰাম সীমান্তলৈ অসম আৰক্ষী গ'লেই হত্যা কৰা হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছিল সাংসদ গৰাকীয়ে।

ৰাজ্যসভাৰ সাংসদ গৰাকীৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চিআইডিত গোচৰ তৰিছিল।তাৰ পৰৱৰ্তী সময়ত দিল্লীলৈ সাংসদ গৰাকীক বিচাৰি গৈছিল অসম আৰক্ষীৰ দলে।কিন্তু দিল্লীত আৰক্ষীৰ দলে বিচাৰি নাপালে বিতৰ্কিত সাংসদ গৰাকীক।গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশত টুইটত কয়-মিজোৰাম মুখ্যমন্ত্ৰী জোৰামথাংগাই সংবাদ মাধ্যমত সীমান্ত বিবাদৰ সৌহাদ্যপূৰ্ণ নিষ্পত্তি ইচ্ছা প্ৰকাশ কৰিছে।অসমে উত্তৰ-পূৰ্বাঞ্চলৰ আত্মাক জীয়াই ৰাখিব বিচাৰে।সীমান্তৰ শান্তি সু-নিশ্চিত কৰিবলৈও প্ৰতিশ্ৰুতিবদ্ধ।

আনহাতে, সাংসদ গৰাকীৰ গোচৰ প্ৰত্যাহাৰ কৰিলেও মিজোৰাম আৰক্ষীৰ বিৰুদ্ধে তৰা গোচৰ চলাই যাব আৰক্ষীয়ে।B

Your Comments