লাইলাপুৰলৈ অসম বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধি দল: নেতৃত্বত অধ্যক্ষ বিশ্বজিৎ দৈমাৰী

A

নিউজ ডেস্ক :

লাইলাপুৰত সংঘটিত ঘটনাৰ বুজ লবলৈ অসম বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধি দলৰ ৰাওনা।

অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰলৈ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত যোৱা সৰ্বদলীয় প্ৰতিনিধি দলত আছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ।

বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱা, ৰূপক শৰ্মা,  অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা প্ৰমুখ্যে বহু কেইজন বিধায়ক।

উল্লেখ্য  যে অসম-মিজোৰাম সীমান্ত লাইলাপুৰত অসম আৰক্ষীৰ  জোঁৱানক  হত্যা কৰিছিল মিজো আৰক্ষীয়ে।

Your Comments