১আগষ্টত গেৰুৱাবসন পিন্ধিব থাওৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোঁহায়ে

A

নিউজ ডেস্ক :

জল্পনা-কল্পনাৰ অৱসান ঘটাই পহিলা আগষ্টত বিজেপিত যোগদান কৰিব থাওৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোঁহায়ে ।দিল্লীত এই কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।

উল্লেখ্য  যে দীর্ঘদিন ধৰি কংগ্ৰেছৰ শক্তিশালী নেতা গৰাকী বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলিছিল ।

আনহাতে, বিধায়ক সুশান্তলৈ বুধবাৰে কংগ্ৰেছ নেতৃত্বই হুইপ  জাৰি কৰিছিল সমগ্ৰ চৰ্চিত বিষয় সন্দৰ্ভত।

উল্লেখ্য যে  উজনি অসমৰ শক্তিশালী কংগ্ৰেছ নেতা গৰাকী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ আছিল।

আনহাতে সভাপতি কলিতাই ঘোষণা কৰা অনুসৰি আগষ্ৰট শেষৰ ফালে ভৱানীপুৰ এআইইউডিএফ বিধায়ক ফণী তালুকদাৰেও যোগ দিব বিজেপিত।

Your Comments