১আগষ্টৰ পৰা গুৱাহাটীত বন্ধ অ'লা-উবেৰ: বিকল্প কি পঢ়ি জানি লওক

PeIndia

বহিৰাগত ব্যৱসায়ীক প্ৰতিষ্ঠান অ'লা-উবেৰৰ শোষণৰ বিৰুদ্ধে সৰৱ অসম কেব মজদুৰ সংঘ আৰু গুৱাহাটীৰ কেব ড্রাইভাৰ ইউনিয়ন। দেওবাৰে যৌথভাৱে সংগঠন দুটাই সংবাদমেলত বহিৰাগত প্ৰতিষ্ঠান দুটাৰ বঞ্চনাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয়- '১আগষ্ট পৰা গুৱাহাটীত বন্ধ হ'ব অ'লা-উবেৰ সেৱা। সামূহিকভাৱে বৰ্জন কেব চালকসকলৰ। তাৰ পৰিৱৰ্তে Peindiaত অন্তৰ্ভূক্ত হ’ব কেব চালকসকল'।


উল্লেখ্য ১আগষ্টৰ পৰা যাত্ৰী সকলে Peindia Appৰ জৰিয়তে বুকিং কৰিব পাৰিব কেব। সংবাদমেলত এই কথা জনাই সংগঠন দুটাই।

গুৰুত্বপূৰ্ণ কথা ১৬হাজাৰ চালক অন্তৰ্ভুক্ত হৈ আছিল প্ৰতিষ্ঠান দুটাৰ সৈতে। কিন্তু প্ৰতিষ্ঠান দুটাই চালক সকলক কৰি অহা দীৰ্ঘদিনীয়া বঞ্চনাৰ বাবে এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে।

আনহাতে, নতুন এপটোৰ সৈতে ৬ হাজাৰ ড্রাইভাৰ ইতিমধ্যে অন্তৰ্ভূক্ত হোৱা বুলি জানিবলৈ দিয়ে সংগঠন দুটাই। ক'ৰ’নাৰ জটিল সময়ত ১০ হাজাৰ কেব চালক নিবনুৱা হৈছে।

অ'লা-উবেৰৰ দৰেই যাত্রীৰ বাবে Peindiaত থাকিব সকলো সুবিধা।

Your Comments