প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ ৫৫৪কোটি ১লাখ ৭২হাজাৰ টকা আত্মসাতৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ

A

নিউজ ডেস্ক :

প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ ধন আত্মসাতৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ।সুব্ৰত তালুকদাৰ নামৰ এগৰাকী লোকে ৫৫৪কোটি ১লাখ ৭২হাজাৰ টকা ভুৱা কৃষকে লাভ  কৰাৰ  গুৰুতৰ  অভিযোগ তুলি দাখিল কৰিছে এজাহাৰ।

এজাহাৰত উল্লেখ কৰা অনুসৰি অসমত ভুৱা হিতাধিকাৰী কৃষক ৮লাখ ৩৫হাজাৰ ২৬৮ গৰাকী।

'ভুৱা হিতাধিকাৰী সৃষ্টিৰ আৰত এক গভীৰ ষড়যন্ত্ৰ লুকাই আছে আৰু ভুৱা কাগজ-পত্ৰ তৈয়াৰ কৰি এই সকল হিতাধিকাৰীয়ে চৰকাৰী- বিষয়া- মন্ত্ৰীৰ লগ লাগি ৰাজহুৱা ধন আত্মসাত কৰিছে।বিভাগীয় মন্ত্ৰী-আমোলাৰ সহযোগ অবিহনে এনে দুষ্কাৰ্য কৰাটো সম্ভৱ নহয়' বুলি এজাহাৰত উল্লেখ আছে।B

Your Comments