ভৰিৰ গছক পৰা সাপৰ দৰে নিয়াই মোৰ বিৰুদ্ধে ফেঁট তুলিছে- অখিল গগৈ

A

নিউজ ডেস্ক :

ৰাষ্ট্রীয় তদন্তকাৰী সন্থা চমুকৈ নিয়া' ৰ আবেদনৰ ভিত্তিত গুৱাহাটীৰ উচ্চ ন্যায়ালয়ে বিধায়ক অখিল গগৈক তিনি সপ্তাহৰ ভিতৰত ন্যায়ালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰিছে ।অধিবক্তাৰ জৰিয়তে হাজিৰ হোৱা নির্দেশ জাৰি কৰিছে গগৈক।নিয়া'ৰ পৰা আদালতৰ জাননী ইতিমধ্যে লাভ কৰিছে শিৱসাগৰৰ বিধায়ক গৰাকীয়ে।

নিয়া' বিশেষ আদালতে গোচৰটো নচলে বুলি ৰায় প্ৰদান কৰাৰ পাছত নিয়া'ই ভৰিৰ গছক পৰা সাপৰ দৰে প্ৰতিশোধ পৰায়ণ ফেঁট তুলিছে বুলি উল্লেখ কৰি গগৈয়ে কয়- নিয়া' অধিবক্তাৰ উপৰিও অসম চৰকাৰৰ মহাধিবক্তাৰ গোচৰটো অধিক সক্ৰিয় হৈ উঠিছে।নিয়া' কৰ্টত মহাধিবক্তা দেৱজিৎ লন হাজৰিকাই মোৰ বিৰুদ্ধে যুক্তি প্ৰদৰ্শনৰ আবেদন দিছিল।

বিধায়ক গৰাকীয়ে কয়- অসম চৰকাৰ সম্পূৰ্ন জড়িত।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ দেৱজিৎ লন হাজৰিকাৰ জৰিয়তে মোক বন্দী কৰিব বিচাৰিছে।

ভাৰত চৰকাৰৰ গৃহ বিভাগ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নিয়াই পিছফালৰ পৰা খেদি থাকিব বিচাৰিছে- অখিলে কয়।

Your Comments