গৌ, ফৰ গ্লৰি-লাভলীনা শীর্ষক শাসক-বিৰোধীৰ চাইকেল ৰেলী গুৱাহাটীত

A

নিউজ ডেস্ক :

টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰা অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাইক উৎসাহিত কৰাৰ উদ্দেশ্যৰে গুৱাহাটীত চাইকেল ৰেলী।দিছপুৰ লাষ্টগেটৰ পৰা নেহেৰু ষ্টেডিয়ামলৈ 'গৌ ফৰ গ্লৰি- লাভলীনা' শীৰ্ষক ৰেলীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভনি কৰে ৰেলীৰ।

গোলাঘাটৰ সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ প্ৰচেষ্টাত কৰা ৰেলীত শাসক-বিৰোধীৰ উভয়ে অংশগ্ৰহণ কৰে।শাসক-বিৰোধী উভয়ে অংশগ্ৰহণ কৰা চাইকেল ৰেলীত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী উপস্থিত থাকে।উল্লেখ্য যে অসম বিধান সভাত ফুকনে জনোৱা আহ্বানলৈ সঁহাৰি জনায় ৰেলীত অংশগ্ৰহণ কৰে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া প্ৰমুখ্যে শাসক-বিৰোধীৰ বিধায়কসকলে।শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে অংশ লয় ৰেলীত।লগতে ৰেলীত অংশ লয় বহুকেইজন খেলুৱৈ তথা সাধাৰণ জনতাই।

উল্লেখ্য যে  অসমৰ পৰা অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা খেলুৱৈ হৈছে লাভলীনা বৰগোঁহাই ।অহা ২৩জুলাইৰ পৰা আৰম্ভ হ'ব লগা টকিঅ' অলিম্পিকত অসম কন্যা বক্সাৰ গৰাকীয়ে ৬৯ কেজি শাখাত দেশক প্ৰতিনিধিত্ব কৰিব।ইতিমধ্যে টকিঅ'ত অনুশীলনত ব্যস্ত লাভলীনা।

Your Comments