অসম কন্যা বক্সাৰ লাভলীনাই এটাটো পদক পাব খাটাং- অখিল গগৈ

A

নিউজ ডেস্ক :

টকিঅ' অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিব লগা অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাইক উৎসাহিত কৰাৰ উদ্দেশ্যৰে শাসক- বিৰোধীৰ উভয় চাইকেল ৰেলীত অংশ লৈ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয়- 'লাভলীনাই এটাতো  পদক পাব নিশ্চিত।কিন্তু আশা কৰিছোঁ চেম্পিয়ন হওঁক'।

উল্লেখ্য যে  অসমৰ পৰা প্ৰথমগৰাকীৰ মহিলা লাভলীনাৰ অলিম্পিক যাত্ৰাৰ শুভেচ্ছা জনায় গগৈয়ে।

লাভলীনাই অসমীয়াৰ গৌৰৱ বিশ্বত জিলিকাই তোলক।টিম আসাম হিচাপে ৰেলীত অংশগ্ৰহণ কৰিলো- গগৈয়ে কয়।

আনহাতে, চাইক ধন্যবাদ জনাই বিধায়ক গগৈয়ে কয়- গাঁৱৰ পৰা প্ৰতিভাসমূহ উলিয়াই অনাত চাই সক্ষম হৈছে।

লাভলীনাক উৎসাহিত কৰি গগৈয়ে কয়-'পিছলৈ নাচায় কেৱল আগলৈ চাওঁক।আহোমসকলৰ এটা নিয়ম আছে তললৈ নহয় ওপৰলৈ চায় উপৰি-পুৰুষক সেৱা কৰে'।

Your Comments