টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰা অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাইক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে গুৱাহাটীত চাইকেল ৰেলী। দিছপুৰ লাষ্টগেটৰ পৰা নেহেৰু ষ্টুডিয়ামলৈ 'গৌ ফৰ গ্লৰি- লাভলীনা' শীৰ্ষক ৰেলীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে ৰেলীৰ।
গোলাঘাট সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ প্ৰচেষ্টাত আয়োজন কৰা ৰেলীত শাসক তথা বিৰোধী উভয়ে অংশগ্ৰহণ কৰে। শাসক-বিৰোধী উভয়ে অংশগ্ৰহণ কৰা চাইকেল ৰেলীত বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীও উপস্থিত থাকে। উল্লেখ্য, অসম বিধানসভাত ফুকনে জনোৱা আহ্বানলৈ সঁহাৰি জনায় ৰেলীত অংশগ্ৰহণ কৰে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া প্ৰমুখ্যে শাসক-বিৰোধী উভয়ৰে বিধায়কসকলেও। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়েও অংশ লয় উক্ত ৰেলীত। লগতে ৰেলীত অংশ লয় বহুকেইজন খেলুৱৈ তথা সাধাৰণ জনতাই।
উল্লেখ যোগ্য যে, অসমৰপৰা অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী খেলুৱৈ হৈছে লাভলীনা বৰগোঁহাই । অহা ২৩জুলাইৰপৰা আৰম্ভ হ’ব লগা টকিঅ’ অলিম্পিকত অসম কন্যা বক্সাৰ গৰাকীয়ে ৬৯ কেজি শাখাত দেশক প্ৰতিনিধিত্ব কৰিব। ইতিমধ্যে টকিঅ’ত অনুশীলনত ব্যস্ত লাভলীনা।
- Log in to post comments
- 8 views