মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত খতিয়ান আগবঢ়ালে পূৰ্বৰ বাজেটৰ আঁচনি ৰূপায়ণৰ

HBS

আজি সদনত পূৰ্বৰ বাজেটৰ আঁচনি ৰূপায়ণৰ খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বাজেটত দিয়া প্ৰতিশ্ৰুতি চৰকাৰে ৰক্ষা কৰা বুলিও সদনত উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজেপি চৰকাৰে ৮০% বাজেট ৰূপায়ণ কৰিছে ৷

ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই অষ্টাদশ উন্নয়নৰ মুকুতা মালা আঁচনিৰ অধীনত নুমলীগড় ৰিফাইনেৰীৰ শ্বেয়াৰ ক্ৰয়, অন্ন-যোজনাৰ অধীনত বিনামূলীয়া চাউল বিতৰণ, জ্যোতিস্মান আঁচনিৰ অধীনত ৩০ ইউনিট বিজুলী ৰেহাই, স্বামী বিবেকানন্দ স্বয়ম আঁচনি, চাহ বাগিচাৰ ধন পুৰস্কাৰ, অৰুন্ধতী আঁচনি, কণকলতা-ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনি, কণকলতা মহিলা-সৱলীকৰণ যোজনা, প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ছাত্ৰীক স্কুটি দিয়া আদি পূৰ্বৰ বাজেটৰ মুঠ ১৮খন আঁচনিৰ অধীনত কাম কৰাৰ কথা উল্লেখ কৰে।

Your Comments