অনুমতি অবিহনে বিদেশ ভ্ৰমণ কৰি নিলম্বন আইপিএছ ৰনৌক আলি হাজৰিকা

A

নিউজ ডেস্ক :


ভাৰতীয় আৰক্ষীৰ সেৱা বিষয়া ৰৌণক আলি হাজৰিকাক নিলম্বন।গৃহ বিভাগৰ অনুমতি নোলোৱাকৈ বিদেশ ভ্ৰমণলৈ যোৱা হাজৰিকাক ৰাজ্যপালে নিলম্বন কৰিছে।

ৰাজ্যপাল জগদীশ মুখীয়ে আদেশ যোগে তৎকালে কাৰ্যকৰি হোৱাকৈ আইপিএছ বিষয়াজনক নিলম্বনৰ আদেশ জাৰি কৰিছে গৃহ বিভাগক ।অসম আৰক্ষীয়ে প্ৰকাশ কৰিছে এই কথা।

উল্লেখ্য  যে ২০১১ চনৰ পৰা বহুবাৰ বিদেশ ভ্ৰমণত গৈছিল আইপিএছ বিষয়া গৰাকী।নিয়ম ভংগৰ অপৰাধত বিষয়া গৰাকীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে গৃহ বিভাগ।

উল্লেখ্য যে ১৯৯২ চনৰ অসম আৰক্ষী বিষয়া হিচাপে যোগদান কৰিছিল হাজৰিকাই।তাপৰ্যপূৰ্ণ কথা বিদেশ ভ্ৰমণৰ বাবে আৰক্ষী বিষয়াক গৃহ বিভাগৰ অনুমতিৰ প্ৰয়োজন।

ৰাজ্যপালে দিয়া আদেশ অনুসৰি আইপিএছ বিষয়াৰ হাজৰিকাৰ কাৰ্যালয়টো এতিয়া পৰা অসম আৰক্ষী সঞ্চালক প্ৰধানৰ অধীনত থাকিব।বিনা অনুমতিত কাৰ্যালয় এৰিব নোৱাৰিব।B

Your Comments

Related Articles