ভাৰতীয় আৰক্ষী সেৱা বিষয়া ৰৌণক আলি হাজৰিকা নিলম্বন। গৃহ বিভাগৰ অনুমতি নোলোৱাকৈ বিদেশ ভ্ৰমণলৈ যোৱা হাজৰিকাক ৰাজ্যপালে নিলম্বন কৰিছে।
ৰাজ্যপাল জগদীশ মুখীয়ে আদেশ যোগে তৎকালে কাৰ্যকৰী হোৱাকৈ আইপিএছ বিষয়াজনক নিলম্বনৰ আদেশ জাৰি কৰিছে গৃহ বিভাগক । অসম আৰক্ষীয়ে প্ৰকাশ কৰিছে এই কথা।
উল্লেখ্য যে ২০১১ চনৰ পৰা বহুবাৰ বিদেশ ভ্ৰমণত গৈছিল আইপিএছ বিষয়া গৰাকী। নিয়ম ভংগৰ অপৰাধত বিষয়া গৰাকীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে গৃহ বিভাগ।
উল্লেখ্য ১৯৯২ চনত অসম আৰক্ষী বিষয়া হিচাপে যোগদান কৰিছিল হাজৰিকাই। তাৎপৰ্যপূৰ্ণ কথা যে বিদেশ ভ্ৰমণৰ বাবে এগৰাকী আৰক্ষী বিষয়াক গৃহ বিভাগৰ অনুমতিৰ প্ৰয়োজন ৷ কিন্তু হাজৰিকাই সেই অনুমতি অবিহনেই ভ্ৰমণত গৈছিল ৷
ৰাজ্যপালে দিয়া আদেশ অনুসৰি আইপিএছ বিষয়া হাজৰিকাৰ কাৰ্যালয়টো এতিয়াৰ পৰা অসম আৰক্ষী সঞ্চালক প্ৰধানৰ অধীনত থাকিব। বিনা অনুমতিত কাৰ্যালয় এৰিব নোৱাৰিব।
- Log in to post comments
- 13 views