ক'ৰ’না সৃষ্ট পৰিৱেশত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশটো যাতে ব্যাহত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ ৮ লাখ ছাত্ৰ-ছাত্ৰীক চৰকাৰে আগবঢ়াব স্মাৰ্ট ফোন। নৱম-দশম শ্রেণীৰ ছাত্ৰ- ছাত্ৰীক দিব লগা মোবাইল ফোনৰ সৈতে বিনামূলীয়াকৈ লাভ কৰিব ইণ্টাৰনেট সেৱা। অসম বিধান সভাত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মঙ্গলবাৰে সপ্তম দিনাৰ সভাত ছাত্ৰ-ছাত্ৰীক একেবাৰে স্মাৰ্ট ফোন প্ৰদান কৰা নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হৈ ঘুৰাই দিব লাগিব ফোনসমূহ।অন্লাইন ক্লাছ কৰাৰ পৰা যাতে ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত নহয় তাৰ বাবে মোবাইল ফোন দিয়া হৈছে বুলি লগতে তেওঁ জানিবলৈ দিয়ে।
- Log in to post comments
- 25 views