সাংসদ বদৰুদ্দিন আজমল আৰু ভাতৃ চিৰাজুদ্দিন আজমল মিঞা এলেকাত একেলগে থাকক ৷ তাত কিন্তু মোৰ জনপ্ৰিয়তা বেছি হ’ব- এই মম্তৱ্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।
মিঞা সংখ্যাগৰিষ্ঠ অঞ্চল এটাত একেখন মঞ্চত এফালে আজমল ভাতৃদ্বয় আৰু আনফালে মই থাকিলে কাৰ কথা ৰাইজে শুনিব তাৰ প্ৰমাণ চাব পাৰিব বুলি উল্লেখ কৰি গগৈয়ে কয়- ধুবুৰীত খোপনি পুতিবলৈ একো নাই।তাত নির্বাচন নেখেলোঁ।ধুবুৰীৰ মানুহক ভাল পাওঁ ।মুছলমান মানুহক ভাল পাবলৈ আজমলৰ অনুমতি ল’ব লাগিব নেকি প্ৰশ্ন কৰি অখিলে কয়।
আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমলে গগৈক কৰা কটাক্ষৰ পিছতে শিৱসাগৰৰ বিধায়ক গৰাকীয়ে সকীয়নী প্ৰদান কৰি কয় - মৌলবাদী কথা নক’ব।
- Log in to post comments
- 16 views