২৫ জুলাইত গুৱাহাটীলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

A

নিউজ ডেস্ক :

হিমন্ত চৰকাৰে দায়িত্ব লোৱাৰ পাছত প্ৰথমবাৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।অহা ২৫ জুলাইত গুৱাহাটীলৈ আহিব গৃহমন্ত্ৰী গৰাকী।গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰেডি'অ থেৰাপি ব্লক উদ্বোধন কৰিব শ্বাহে।

ইয়াৰ উপৰিও ক'ভিডত মৃত্যু হোৱা পৰিয়াললৈ ৰাজ্য চৰকাৰৰ ১লাখ টকা সাহায্য আঁচনিৰ গৃহমন্ত্ৰী শ্বাহে শুভাৰম্ভ কৰিব বুলি জানিব দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

এদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ আহিব লগা শ্বাহে বড়ো চুক্তি মৰ্মে তামুলপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব।

উল্লেখ্য  যে ২৪জুলাইত উত্তৰ-পূবৰ সকলো ৰাজ্যৰ নেতৃত্বৰে শ্বিলংত মিলিত হ'ব গুৰুত্বপূৰ্ণ বৈঠকত।

Your Comments