ঈদৰ প্ৰাৰ্থনা চলি থকাৰ সময়ত কাবুলত আফগান ৰাষ্ট্ৰপতিৰ ভৱনত ৰকেট আক্ৰমণ। ঘটনাৰ সময়ত ভৱন প্ৰাংগণত উপস্থিত আছিল আফগান ৰাষ্ট্ৰপতি আছৰফ ঘানি-সহ অন্যান্য মন্ত্রী আৰু বিষয়াসকল। মঙ্গলবাৰে স্থানীয় সময় অনুসৰি ৰাতিপুৱা ৮ বজাত এই ঘটনাটো সংঘটিত হয়। ঘটনাৰ সময়ত তাত ঈদৰ প্রার্থনা চলিছিল।
সংবাদ মাধ্যমক আফগানিস্তানৰ অন্তর্দেশীয় বিভাগৰ মন্ত্রী মীৰৱাইছ স্তানিকজাই কয়, 'মঙ্গলবাৰে কাবুল চহৰৰ বিভিন্ন এলেকাত আক্ৰমণ চলাইছে শত্রুৱে। যদিও কোনো হতাহতিৰ ঘটনা ঘটা নাই। তদন্ত চলিছে।' ৰকেট আক্ৰমণৰ পিছতো ঈদৰ অনুষ্ঠানত ৰাষ্ট্ৰপতি ভৱনত বক্তৃতা আগবঢ়াই ৰাষ্ট্ৰপতি আছৰফ ঘানিয়ে। দেশবাসীক উদ্দেশ্যি তেওঁ কয়, 'আফগান জনগণ, আফগানিস্তানৰ ভৱিষ্যৎ ঠিক হ’ব। তাৰ বাবে আফগানবাসী ঐক্যবদ্ধ হৈ থাকিব লাগিব। বিগত ৩ ৰপৰা ৬ মাহ ধৰি পৰিস্থিতি নষ্ট কৰাৰ চেষ্টা চলাইছে শত্ৰুৱে। আফগানিস্তানৰ মানুহ, বিশেষকৈ মহিলাসকলৰ ওপৰত কি তালিবানসকলে কোনো ইতিবাচক প্রভাৱ পেলাব পাৰিছে?'
- Log in to post comments
- 6 views