ৰাষ্ট্ৰনায়কক সতর্ক কৰিলে বিজ্ঞানীসকলে। মহামাৰী-পর্বৰ যাৱতীয় বিধি-নিষেধ প্রত্যাহাৰৰ যি সিদ্ধান্ত ঘোষণা কৰিছে ব্রিটেইনত, সেয়া যে মঙ্গলজনক সিদ্ধান্ত নহ’ব , ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনচনক স্পষ্ট ভাৱে জনাই দিছে বিজ্ঞানীসকলে।
ব্রিটেইনৰ ক’ভিড বিধিৰপৰা ওলাই অহাৰ এই সিদ্ধান্ত সমগ্ৰ বিশ্বৰ পক্ষেই অত্যন্ত বিপজ্জনক হৈ উঠিব, এই সন্দৰ্ভত সাৱধান কৰি দিলে ১২০০জন বিজ্ঞানীয়ে। তেওঁলোকৰ মত অনুসৰি, এই সিদ্ধান্তৰ ফলত ডেল্টাৰ দৰে ক’ৰ’না ভাইৰাছৰ শক্তিশালী ৰূপ সমূহ অধিক দ্রুত গতিত বিয়পি পৰিব। দেশে দেশে সাৰ্বিক টিকাকৰণৰ ছবিখন এতিয়াও বৰ স্পষ্ট নহয়। এই পৰিস্থিতিত ব্রিটিছ প্রধানমন্ত্রীৰ এই সিদ্ধান্তৰ সমালোচনা কৰি তেওঁলোকে জনাইছে, ইয়াৰ ফলত ক’ৰ’না সংক্রমণ নিয়ন্ত্রণৰ বাহিৰলৈ গুচি যাব।
WHOৰ জ্যেষ্ঠ উপদেষ্টা, ভেলেন্সিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক জ’ছ মার্টিন মোৰেনোৱে কৈছে, ব্রিটিছ প্রধানমন্ত্রীৰ এই সিদ্ধান্তৰ কথাই আচৰিত কৰি তুলিছে। গভীৰ উদ্বেগৰ বিষয়। এই সিদ্ধান্তৰ পৰিণতি অত্যন্ত ভয়াবহ হৈ দেখা দিব।
বিখ্যাত চিকিৎসাবিজ্ঞান সংক্রান্তীয় গৱেষণা পত্রিকা 'লেনছেট' (Lancet journal) -ৰ সম্পাদকলৈ পঠোৱা এক চিঠিত এই উদ্বেগ প্রকাশ কৰিছে ব্রিটেইন-সহ বিশ্বৰ বিভিন্ন দেশৰ ১২০০ জন বিজ্ঞানীয়ে। নিউজিলেণ্ড, ইটালী আৰু ইজৰাইল চৰকাৰৰ বিশেষজ্ঞসকলে এই বিষয়ত ইতিমধ্যে উদ্বেগ প্রকাশ কৰিছে। উদ্বেগ প্রকাশ কৰা হৈছে বিজ্ঞানী আৰু চিকিৎসকসকলৰ এক আন্তর্জাতিক অন্লাইন শীর্ষক সম্মিলনতো। তেওঁলোকৰ বক্তব্য, বিশ্বৰ বিভিন্ন দেশলৈ যোৱা আৰু সেই বিলাক দেশৰপৰা নিজ নিজ দেশলৈ ঘুৰি অহাৰ বাবে ব্রিটেইন এক গুৰুত্বপূর্ণ যোগাযোগস্থল। ব্রিটেইন কার্যতঃ সমগ্ৰ বিশ্বৰ পৰিৱহণ 'হাব' । ফলত ব্রিটেইনে এখন দেশৰপৰা আন এখন দেশলৈ ক’ৰ’না সংক্রমণ বিয়পি পৰাৰ এক সুবিধাজনক ক্ষেত্র হিচাপে কাম কৰিব আৰু সকলোৰে বাবে বিপদ মাতি আনিব।
- Log in to post comments
- 20 views