টকিঅ' অলিম্পিকৰ ভাৰতীয় দলৰ সন্দৰ্ভত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কি কলে পঢ়ক

A

নিউজ ডেস্ক :

অহা ২৩ জুলাইৰ পৰা জাপানৰ ৰাজধানী টকিঅ'ত আৰম্ভ  হ'ব বিশ্ব ক্ৰীড়া সৰ্ববৃহৎ প্ৰতিযোগিতাৰ অলিম্পিক।টকিঅ' অলিম্পিকৰ বাবে সম্পূৰ্ণ সাজু ভাৰতীয় দল। এই কথা প্ৰকাশ কৰিছে ভাৰতীয় দলৰ চীফ দ্য মিছন বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই।

ভাৰতীয় চেইলিং, ৱেটলিফ্টিং, চুটিং, ৰয়িং, আৰ্চাৰী, বেডমিণ্টন, হকী, চুইমিং, জুডু, টেবুল টেনিছ, জীমনাষ্টিক দল জাপানত উপস্থিত  হোৱা কথা অৱগত কৰে বৈশ্যই।

আনহাতে, অসম কন্যা বক্সাৰ লাভলীনা বৰগোহাঁই টকিঅ' ভাৰতীয় কেম্পত সোমবাৰে পুৱাৰ পৰা অনুশীলন আৰম্ভ কৰা বুলিও বৈশ্যই কয়।লগতে অন্য ভাৰতীয় দলৰ খেলুৱৈ সকলে নিজৰ নিজৰ অনুশীলন চলাই থকা বুলি জানিব দিয়ে।

ভাৰতীয় দলে সুন্দৰ খেল প্ৰদৰ্শন কৰাৰ আশা প্ৰকাশ কৰি বৈশ্যই কয়- চুটিং, ৱেটলিফ্টিং, আৰ্চাৰী, ৰয়িং, বেডমিণ্টন, টেবুল টেনিছৰ দল যথেষ্ট ভাল।পূৰ্বতকৈ অধিক পদক এইবাৰ লাভ কৰিব ভাৰতে।

উল্লেখ্য যে ২৪ জুলাইত ভাৰতীয় চুটিং দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি সংবাদমাধ্যমক জানিব দিয়ে বৈশ্যই।

Your Comments