ক্ৰীড়াবিদলৈ ভাল খবৰ: ৰাষ্ট্ৰীয় খেলত পদক লাভ কৰিলে ৰাজ্য চৰকাৰে দিব চাকৰি- মুখ্যমন্ত্ৰী

A

নিউজ ডেস্ক :


ৰাজ্যৰ ক্ৰীড়াবিদলৈ ভাল খবৰ।অসম বিধানসভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ৰাষ্ট্ৰীয় পৰ্যায়ত পদক প্ৰাপ্ত খেলুৱৈক চৰকাৰে প্ৰদান কৰিব চাকৰি।

বিধানসভাৰ বাজেট অধিৱেশনৰ ষষ্ঠ দিনা মুখ্যমন্ত্ৰীয়ে কয়-অলিম্পিকৰ স্বীকৃতি প্ৰাপ্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত পদক প্ৰাপ্তই লাভ কৰিব চাকৰি।

শিক্ষাগত অৰ্হতাৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব নিযুক্তি।উল্লেখ্য  যে ক্ৰীড়া বাতাবৰণ সুস্থিৰ কৰাৰ বাবে এনে সিদ্ধান্ত লোৱা বুলি মুখ্যমন্ত্ৰী শৰ্মাই কয়।

উল্লেখ্য  যে কমনৱেলথ, এছিয়ান গেমছ, অলিম্পিকৰ উপৰিও ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত পদক লাভ কৰিলে লাভ কৰিব চাকৰি।

তাপৰ্যপূৰ্ণ কথা যে পূৰ্বতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত পদক লাভ কৰা খেলুৱৈক মাহে ৮ হাজাৰ টকাকৈ ক্ৰীড়া পেন্সন দিব বুলিও সদনত ঘোষণা কৰে।পেন্সনৰ পৰিমাণ প্ৰয়োজনত ১০হাজাৰলৈ বৃদ্ধি কৰা হ'ব বুলি জানিব দিয়ে শৰ্মাই।

ইফালে অলিম্পিকৰ স্বীকৃতিপ্ৰাপ্ত খেলত পদক লাভ কৰি পেন্সনৰ পৰা বঞ্চিত থকা খেলুৱৈৰ তালিকা দূর্গা দাস বড়োক প্ৰদানৰ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।

Your Comments