টকিঅ'ত উপস্থিত অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাই

A

নিউজ ডেস্ক: 
ৰাজ্যবাসীৰ সীমাহীন শুভেচ্ছা বুকুত বান্ধি টকিঅ'ত অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাই।গোলাঘাটৰ ধনশিৰিৰ জীয়ৰী লাভলীনাক গেমছ ভিলেজত আদৰণি জনাই চীফ দ্য মিছন বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই।

টকিঅ' অলিম্পিকত মহিলা বক্সাৰ গৰাকীয়ে ৬৯কেজি শাখাত দেশক প্ৰতিনিধিত্ব কৰিব।

লাভলীনা হৈছে অলিম্পিকত অংশগ্ৰহণকাৰী প্ৰথম গৰাকী অসমীয়া খেলুৱৈ।

উল্লেখ্য যে ২৩জুলাইৰ পৰা জাপানত অনুষ্ঠিত হ'ব টকিঅ' অলিম্পিক।মহিলা ৬৯কেজি শাখাত অসম কন্যা লাভলীনা বৰগোঁহাই বিশ্বৰ ভিতৰত তৃতীয় স্থানত আছে।

ইফালে টকিঅ'ত  বক্সাৰ মেৰি কমো উপস্থিত হৈছে।

Your Comments