বিজেপিত যোগদান কৰিব বিধায়ক সুশান্ত বৰগোঁহায়ে !

A

নিউজ ডেস্ক :

কংগ্ৰেছ এৰিব থাওৰা  সমষ্টিৰ  বিধায়ক সুশান্ত বৰগোঁহায়ে।বিজেপিৰ দলত শীঘ্ৰে বিধায়ক গৰাকীয়ে যোগদান কৰিব বুলি সামাজিক মাধ্যমত ইতিমধ্যে খবৰ বিয়পি পৰিছে। 

উজনিৰ শক্তিশালী কংগ্ৰেছ যুৱ নেতা সুশান্ত বৰগোঁহাই বিজেপি দলত যোগদান কৰিলে কংগ্ৰেছ দলৰ বাবে হ'ব আন এক মোক্ষম আঘাত।যোৱা নির্বাচনত বিজেপি প্ৰাৰ্থী তথা বিধায়ক কুশল দুৱৰীক পৰাস্ত কৰিছিল বৰগোঁহায়ে।তৰুণ গগৈ চৰকাৰৰ দিনত থাওৰা সমষ্টিৰ পৰা প্ৰথমবাৰলৈ নিৰ্বাচিত হৈছিল।

উল্লেখ্যে  যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অতিকৈ ঘনিষ্ঠ বৰগোঁহাই।ইতিমধ্যে বিজেপিত যোগদানৰ বাবে বিজেপি নেতা ভুৱনেশ্বৰ কলিতাৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে বিধায়ক গৰাকীয়ে।

আনহাতে, বিজেপিত যোগদান কৰা নকৰা সন্দৰ্ভত বর্তমানো আনুষ্ঠানিক কোনো ঘোষণা কৰা নাই বৰগোঁহায়ে।

Your Comments