ড্ৰাগছ দহন কৰি মুখ্যমন্ত্ৰীয়ে অভিযোগনামা দুৰ্বল কৰিছে নেকি!- এজেপি

A

নিউজ ডেস্ক :

অভিযোগনামা সম্পূৰ্ন নকৰোঁতে উদ্ধাৰ কৰা ড্ৰাগছ দহন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অপৰাধীৰ শাস্তি লাঘৱ কৰিব বিচাৰিছে নেকি?-এই অভিযোগ অসম জাতীয় পৰিষদৰ।ড্ৰাগছ সমূহ জ্বলাই দিয়াৰ ফলত তথ্য প্ৰমাণ নাথাকিলে অপৰাধী সাৰি নাযাব নেকি বুলি প্ৰশ্ন উত্থাপন কৰি এজেপিৰ সভাপতি লুৰিন জ্যোতি গগৈয়ে কয়- ড্ৰাগছমুক্ত অসম সকলোৰে কাম্য।আইন অনুসৰি অপৰাধীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক।কিন্তু অপৰাধী অভিযোগনামা প্ৰস্তুতি সম্পূৰ্ন নকৰোঁতে বা আদালতত দাখিল কৰাৰ পূর্বে তথ্যসমূহ শেষ কৰি ড্ৰাগছেৰে জড়িত অপৰাধীক সুৰক্ষা দিব নেকি বুলিও গগৈয়ে কয়।

আইন আছে ড্ৰাগছ ধ্বংস কিদৰে কৰিব লাগে স্পষ্ট উল্লেখ আছে। কিন্তু উৎসৱ পাতি ড্ৰাগছ জ্বলোৱা কামতো মুখ্যমন্ত্ৰীৰ নহয়- সভাপতি গগৈয়ে কয়।

আনহাতে, বিজেপিৰ দুৰ্নীতি মুক্ত অসমৰ শ্লোগান এতিয়া ছিণ্ডিকেট যুক্ত অসমলৈ পৰিৱৰ্তন হ'ল।খোদ মুখ্যমন্ত্ৰীয়ে গৰুৰ হাজাৰ কোটি টকা ছিণ্ডিকেটৰ কথা স্বীকাৰ কৰিছে।হিমন্ত বিশ্ব শৰ্মাই তথ্য উল্লেখ কৰি ২০০৬ চনৰ পৰা ৰাজ্যত হোৱা গৰু ছিণ্ডিকেটৰ ন্যায়িক তদন্ত বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এজেপিয়ে স্মাৰক পত্ৰ দিব বুলিও দলৰ মুখ্য কাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলত কয়।

ইফালে, হিমন্ত চৰকাৰৰ প্ৰথমখন বাজেটক উৎপাদনহীন আখ্যা দি গগৈয়ে কয়- বাজেটে হিতাধিকাৰী সৃষ্টি কৰিব।তাৰ বাহিৰে একো নাই ।

আনহাতে, ক'ৰনাৰ পৰিস্থিতিত ৰাইজে আগবঢ়োৱা সাহায্যৰ পৰিমাণ আৰু ক'ত কেনেকৈ খৰছ কৰিছে তাৰ চেটপত্ৰ প্ৰকাশ কৰিব লাগে বুলিও দাবী জনায় এজেপিয়ে।

Your Comments