উপ-নিৰ্বাচনত বিজেপিৰ বিৰোধী উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ আহ্বান এজেপি

A

নিউজ ডেস্ক :

ৰাজ্যৰ চাৰি সমষ্টিৰ উপ-নির্বাচনত বিজেপি বিৰোধী উমৈহতীয়া প্ৰাৰ্থী পোষকতা অসম জাতীয় পৰিষদৰ ।বিজেপিক পৰাস্তৰ স্বাৰ্থত বিৰোধীক উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ আহ্বান এজেপিৰ নেতৃত্ব। দলটোৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে দেওবাৰে এক সংবাদমেল সম্বোধন কৰি কয়- 'সাম্প্ৰদায়িক আৰু ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ পৰা দূৰত্ব একেই আছে এজেপিৰ।আদৰ্শৰ লগত কোনো কম্প্ৰমাইজ কৰা নহ'ব।মহাজোটৰ অংশীদাৰ নহয় এজেপি।কিন্তু উমৈহতীয়া প্ৰাৰ্থী হ'ব লাগে বিৰোধীৰ'।

বিজেপি বিৰোধী উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰা সিদ্ধান্ত কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা বুলিও সভাপতি গগৈয়ে কয়।

Your Comments