হিমন্ত কেবিনেটৰ সিদ্ধান্তসমূহ পঢ়ি লওঁক

A

নিউজ ডেস্ক :

দিছপুৰ জনতা ভৱনত মুখ্যমন্ত্ৰী  ডঃ হিমন্ত বিশ্ব শৰ্মাৰ  অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত হয় কেবিনেট।হিমন্ত চৰকাৰৰ নৱমখন কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।কেবিনেট বৈঠক খনত লোৱা সিদ্ধান্তসমূহ ৰাজহুৱা কৰে কেবিনেট মুখপাত্ৰ কেশৱ মহন্ত আৰু পিযুষ হাজৰিকাই।

ৰাজ্যৰ চাহ বাগিচাৰ শ্ৰমিকসকলক শীতকালত উৎপাদনকাৰ্য স্তিমিত হোৱাত এমজিএনৰেগাৰ অধীনত পুখুৰী খনন, পথনিৰ্মাণ আদিত কৰ্ম সংস্থাপন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে।


এমজিএনৰেগাৰ অধীনত পুখুৰী খনন কাৰ্য অগ্ৰাধিকাৰৰ ভিত্তিত গ্ৰহণ কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ বাবে সাঁচি, চোমগছ আদি ৰোপণ কৰাৰ পদক্ষেপ লয় কেবিনেটে।


পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত গ্ৰামাঞ্চলত বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ, পাৰ্ক আদি নিৰ্মাণ কৰা হ'ব।

গুৱাহাটী উন্নয়ন বিভাগ আৰু নগৰ উন্নয়ন বিভাগক একত্ৰিত কৰি ‘গৃহ আৰু নগৰ পৰিক্ৰমা’ নামেৰে এটা বিভাগ কৰা হয়।
 
সাধাৰণ প্ৰশাসন বিভাগ আৰু সচিবালয় প্ৰশাসন বিভাগক একত্ৰিত কৰি সাধাৰণ প্ৰশাসন বিভাগ নামেৰে এটা বিভাগ কৰা হ'ব।

তথ্য আৰু জনসংযোগ মন্ত্ৰীয়ে বাতৰি কাকত আৰু বৈদ্যুতিন সংবাদ মাধ্যমত প্ৰকাশিত আৰু প্ৰচাৰিত বিজ্ঞাপন বিল পৰিশোধৰ ক্ষেত্ৰত পোনপটীয়াকৈ অনুমোদন জনাব পাৰিব৷ 

গোলাঘাট আৰু সৰুপথাৰ ৰাজহ চক্ৰক খৰাং পীড়িত অঞ্চল ৰূপে ঘোষণা।বিত্ত মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত ৰাজহ মন্ত্ৰী যোগেন মহন আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহালক খৰাং পীড়িত অঞ্চল পৰিদৰ্শন কৰি ভুক্তভোগী পৰিয়ালক প্ৰয়োজনীয় আৰ্থিক সাহায্য প্ৰদানৰ দায়িত্ব অৰ্পণ মুখ্যমন্ত্ৰীৰ।

গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বাসভৱনক ‘ঐতিহ্য ভৱন’ হিচাপে ঘোষণা।ভৱনটোৰ সংৰক্ষণ কৰিব ৰাজ্য চৰকাৰে।

Your Comments