যিকোনো সময়তে নিয়া'ৰ হাতত পুনৰ গ্ৰেপ্তাৰ হ'ব পাৰে অখিল গগৈ! পঢ়ক

A

নিউজ ডেস্ক :

শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সন্মুখত অন্য এক বিপদ।যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিধায়ক গগৈ।বিধানসভাৰ বাহিৰত নিজেই এই কথা অৱগত কৰিছে বিধায়ক গৰাকীয়ে।

চামমাৰি থানাৰ ১৩/১৯ নম্বৰ গোচৰ নিয়া'ৰ বিশেষ আদালতে দিয়া ৰায় স্থগিত বিচাৰি নিয়া'  দ্বাৰস্হ  হয় গুৱাহাটী উচ্চ ন্যায়ালয়।


সংবাদ মাধ্যমৰ সন্মুখত গগৈয়ে কয়- আজিৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰম্ভ হৈছে শুনানি।নিয়া' গোচৰত চার্জ ফ্ৰেম কৰিব লাগে বুলি আদালতক আহ্বান জনাইছে।

'অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু গৃহমন্ত্ৰী অমৃত শ্বাহে কাৰাগাৰৰ পৰা মুকলি হোৱাটো বিচৰা নাছিল।জেলৰ ভিতৰত বন্দী কৰি ৰাখিবৰ বাবে বিভিন্ন ধৰণৰ চক্রান্ত কৰিছিল।নিয়া' আদালতে ভুৱা গোচৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৰ ৰায় প্ৰদান কৰি গোচৰটোত নিৰ্দোষী ঘোষণা কৰিছিল- গগৈয়ে কয়।

কাৰাগাৰৰ পৰা ওলাই ৰাজনৈতিক -সামাজিক ভাৱে সক্রিয় হৈ পৰা দেখি অসম-ভাৰত চৰকাৰৰ গৃহ বিভাগ আৰু বিশেষকৈ নিয়াই গ্ৰেপ্তাৰ কৰিবৰ বাবে অভিসন্ধি, ষড়যন্ত্ৰ কৰিছে।উচ্চ ন্যায়ালয়ত গোচৰটো চলাবলৈ আহ্বান জনাছে- বিধায়ক গৰাকীয়ে কয়।

অসমবাসীৰ সহায়ো বিচাৰি তেওঁ কয়- মোৰ ওপৰত যিয়ে ষড়যন্ত্ৰৰ নকৰক ৰাজনৈতিক, সামাজিক স্থিতিত আপোচ কৰা নহ'ব।

Your Comments