সদনত উন্মোচন ৰাজ্যৰ ৫০টা বিভাগত খালি ১০৭১৪৯টা পদ

A

Bনিউজ ডেস্ক :

নিবনুৱা সকলৰ বাবে ভাল খবৰ।অসম চৰকাৰৰ ৫০টা বিভাগত খালি হৈ আছে লক্ষাধিক পদ।২০১৬চনৰ তথ্যৰ  ভিত্তিত ১লাখ ৭হাজাৰ ১৪৯টা পদ খালি হৈ আছে ৫০টা বিভাগত।

পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনত মঙলবাৰে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই কৰা এক প্ৰশ্ন উত্তৰত অসম চৰকাৰে দাঙি ধৰিছে এই তথ্য।

উল্লেখ্য যে, শিক্ষা বিভাগত সৰ্বাধিক  ৫০হাজাৰ ৪৬৫টা, গৃহ আৰু ৰাজনৈতিক বিভাগত ২০২৪৮টা।স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগত ৯৩৫৩টা পদ খালি হৈ আছে।

গুৰুত্বপূৰ্ণ কথা চৰকাৰে সদনত উল্লেখ কৰা তথ্য মতে উন্নয়ন আৰু জলসম্পদ বিভাগৰ খালি হৈ থকা পদৰ তথ্যও বৰ্তমান তালিকাত অন্তৰ্ভুক্ত হোৱা নাই।

তাৎপৰ্যপূৰ্ণ অসম চৰকাৰৰ ১লাখ নিযুক্তি প্ৰতিশ্ৰুতিত খালি হৈ থকা পদসমূহ পূৰণৰ সম্ভৱনা আছে।

Your Comments