কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আন এক গুৰুত্বপূৰ্ণ দায়িত্ব,পঢ়ক

A

নিউজ ডেস্ক :

কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আন এক গুৰুত্বপূৰ্ণ দায়িত্ব।নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে সৰ্বানন্দ সোণোৱালক।

মোদী মন্ত্ৰীসভাত জাহাজ, বন্দৰ, আৰু আয়ুষ দপ্তৰৰ দায়িত্ব সৰ্বানন্দ সোণোৱালক অপৰ্ণ কৰা হৈছে।

উল্লেখ্য যে সোণোৱালৰ লগতে কেন্দ্ৰীয় কেবিনেট কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে পৰিবেশ আৰু শ্ৰম মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱ্য আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিং।


উল্লেখযোগ্য যে,উত্তৰ-পূবৰ অন্য গৰাকী কেবিনেট মন্ত্ৰী কিৰেন ৰিজিজুক ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীত ৰখা হৈছে।

Your Comments