শিৱসাগৰক লৈ সদনত উদাত্ত ভাষণ অখিল গগৈৰ : ১০০কোটি বিনিয়োগৰ আহ্বান চৰকাৰক

A

নিউজ ডেস্ক :

শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ বা নগৰ ঘোষণা দাবীৰে অসম বিধানসভাত বিধায়ক অখিল গগৈৰ  উদাত্ত যুক্তি।৫৫১টাকৈ প্ৰাচীন কীৰ্তিচিহ্ন থকা শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰাৰ সমলসমূহ বিধায়ক গগৈয়ে নিজৰ ১৫ মিনিটৰ ভাষণত তন্ন- তন্নকৈ ব্যাখ্যা কৰে।

জিলাখনত থকা কীৰ্তি-চিহ্ন ৰাজহ চক্ৰ অনুযায়ী উল্লেখ কৰি গগৈয়ে কয়- শিৱসাগৰ ১১৪টা, সোণাৰী চক্ৰত ১০৯টা, সাপেখাটি চক্ৰত ২০টা, মাহমৰা চক্ৰত ৩৯টা, নাজিৰা চক্ৰত ১৯৪টা, আমগুৰি চক্ৰত ৪৬টা আৰু ডিমৌ ৰাজহ চক্ৰত ২৯টা প্ৰাচীন কীৰ্তি- চিহ্ন আছে।যিটো অসম বা দেশৰ কোনো ঐতিহাসিক ঠাইত এই ধৰণৰ কীৰ্তি-চিহ্ন নাই বুলিও সদনত তেওঁ কয়।

কীৰ্তি-চিহ্নৰ উপৰিও জিলাখনৰ সাংস্কৃতিক সম্পদসমূহো ব্যাখ্যা কৰে তেওঁ।নগা-মণিপুৰী, মটক, খিলঞ্জীয়া মুছলমান, টাই-ফাঁকে আদি কৰি বিভিন্ন জাতি-জনগোষ্ঠী গাঁও থকাৰ লগতে কৃষ্টি-সংস্কৃতিৰে ভৰপূৰ বুলি তেওঁ সদনক জানিব দিয়ে।

মোমাইতামুলী বৰবৰুৱাই প্ৰতিষ্ঠা কৰা প্ৰকৃতি বাৰী নিভাঁজৰূপে চাব পাৰিব শিৱসাগৰত।

জাতীয় সম্পদৰ প্ৰতীক স্বৰূপ আহোমৰ কীৰ্তি-চিহ্নৰ উপৰিও আজান পীৰ দৰগাহৰ কথাও উল্লেখ কৰে বিধায়ক গগৈয়ে।

চৰাইদেউ মৈদামসমূহৰ সৎকাৰ প্ৰযুক্তি ইজিপ্তৰ পিৰামিডৰ সৈতে তুলনা কৰিব পাৰি।২০১৫ চনত মৈদামসমূহক উইনিস্কোৱে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰৰ অস্থায়ী তালিকাত অন্তৰ্ভুক্ত কৰা বুলিও তেওঁ জানিব দিয়ে।

ব্ৰিটিছ শাসনৰ দিখৌ নদীৰ কপি লগা দলঙৰ প্ৰসংগও সদনত কয় শিৱসাগৰৰ বিধায়ক গৰাকীয়ে।

শিৱসাগৰ নগৰত আধুনিক যুগৰ অসমীয়া সাহিত্যৰ ইতিহাস জড়িত বুলি উল্লেখ কৰি কয়- প্ৰথম ছপা শাল ,অৰুনোদই আলোচনীয়ে অসমীয়া সাহিত্যত আধুনিক যুগৰ শুভাৰম্ভনি ঘটাইছিল।

ঐতিহ্য নগৰী কি কাৰণত ঘোষণা কৰিব লাগে তাৰো সদনত ব্যাখ্যা কৰে গগৈয়ে।ঐতিহ্য ক্ষেত্ৰ ঘোষণা আইনৰ ধাৰা ভিতৰতো শিৱসাগৰ কিদৰে অন্তৰ্ভুক্ত হৈছে তাত সুন্দৰ উপস্থাপন কৰে।

শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰিলে কিদৰে লাভ হ'ব তাৰ বহল ব্যাখ্যা কৰে গগৈয়ে।

আনহাতে, পৰ্যটকক আকর্ষণ কৰা বাবে শিৱসাগৰত চাফ-চিকুণ কাম  আৰম্ভ কৰাৰ লগতে বিশ্ব পৰ্যটকক শিৱসাগৰলৈ নিব পৰা পৰিকল্পনা  কৰা কথা স্পষ্টকৈ উল্লেখ কৰে গগৈয়ে।

অসমৰ মুখ্যমন্ত্ৰী, সাংস্কৃতিক মন্ত্ৰী, মন্ত্ৰীমণ্ডলী, বিধানসভাৰ অধ্যক্ষ, ১২৬টা সমষ্টিৰ বিধায়ক   সকলক অক্টোবৰত শিৱসাগৰলৈ আমন্ত্ৰণ জনাই বিধায়ক গগৈয়ে কয়- নৱেম্বৰত আসাম ফেষ্টিভেলৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ মানুহে শিৱসাগৰক জানিব পৰা ব্যৱস্থা কৰা লগতে জানুৱাৰী মাহত গ্ৰাম্য ক্ৰীড়া ফেষ্টিভেলৰ আয়োজনে নতুন ঠাই হিচাপে উজলাই তোলাৰ প্ৰচেষ্টা লোৱা হৈছে।

মুখ্যমন্ত্ৰী- সাংস্কৃতিক মন্ত্ৰী তথা অধ্যক্ষক আহ্বানেৰে বিধায়ক অখিলে কয়- ১০০কোটি টকাৰ শিৱসাগৰ সমষ্টিত বিনিয়োগ কৰক।বছৰি ১০০০কোটি টকাৰ ব্যৱসায়- বাণিজ্য, ৰাজহ সমগ্ৰৰ ব্যৱস্থা কৰি দিম  বুলি সদনক আশ্বাস প্ৰদান কৰে।

Your Comments