বিধানসভা অধিৱেশনৰ প্ৰথম দিনা মৌখিক প্ৰশ্ন উত্থাপনৰ অনুমতি নাপালে অখিল গগৈয়ে

A

নিউজ ডেস্ক : 

পঞ্চদশ অসম বিধানসভা বাজেট অধিৱেশনৰ প্ৰথমদিনা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মৌখিক প্ৰশ্ন উথ্থাপনৰ অনুমতি নাপালে।নাগৰিকত্ব সংশোধনী আইন বিৰোধী চমুকৈ কা' আন্দোলন সন্দৰ্ভত বিধায়ক গৰাকীয়ে মৌখিক প্ৰশ্নৰ অনুমতি বিচাৰিছিল অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক।বিধায়ক গৰাকীয়ে বিচৰা মৌখিক প্ৰশ্ন অধ্যক্ষই এটাও উত্থাপনৰ অনুমতি প্ৰদান নকৰিলে।এই কথা প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ।

'কা' আন্দোলনত গুলি-লাঠীচার্জ, কন্দুৱা গেছ, নিহত-আহতৰ হিচাপৰ উপৰিও আঘাতপ্ৰাপ্ত আৰক্ষীৰ তথ্য বিচাৰিছিল বিধায়ক গৰাকীয়ে।

কোনো আন্দোলনত শ্বহীদ বা মৃত্যু হলে শ্বহীদ পৰিয়ালক অৰ্থ সাহায্য প্ৰদান কৰা হয়।কিন্তু কা' শ্বহীদক কিয় আজিলৈ সাহায্য প্ৰদান কৰা নাই বা ভৱিষ্যতে প্ৰদান কৰিব নে!তাৰো তথ্য বিচাৰি প্ৰশ্ন উত্থাপনৰ অনুমতি বিচাৰিছিল শিৱসাগৰৰ বিধায়ক গগৈয়ে।

কা' গৃহীত আৰু সংস্থাপিতৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ খনক দিয়া নীতি-নিৰ্দেশনা তাৰ প্ৰতিলিপি গগৈয়ে বিচাৰিছিল।

একেদৰে কা' গৃহীত হলে অসমলৈ পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা কিমান লোক আহিব বা অসমত সংস্থাপিত হব তাৰ ওপৰত প্ৰশ্ন কৰাৰ অনুমতিৰ নাপালে গগৈয়ে।

উল্লেখ্য  যে অধিৱেশনৰ প্ৰথমদিনা মৌখিক প্ৰশ্নৰ এটাও অনুমতি নাপালে গগৈয়ে।তাৰ পৰিৱৰ্তে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু বিভিন্ন প্ৰতিশ্ৰুতি সন্দৰ্ভত লিখিত প্ৰশ্নৰ অনুমতি পায়।

আনহাতে, আলোচনাৰ কোনো এটা বিষয় সন্দৰ্ভতহে সময়ৰ প্ৰসংগ আহে।২মিনিট নহয় আঢ়ৈ মিনিট কৈ পায় সময়।মুখ্যমন্ত্ৰীয়ে মিছাকৈ কৈছে বুলি উল্লেখ কৰি কয়- সময় নিৰ্ধাৰণ কৰে বিজনেছ কমিটিত আলোচনা মৰ্মে অধ্যক্ষই।মুখ্যমন্ত্ৰী গৰাকীয়ে বিধায়ক এজনক বাধা প্ৰদান কৰা হ'ব বুলি কৈ গণতন্ত্ৰক ধ্বংস কৰিছে।

মুখ্যমন্ত্ৰীক আহ্বান জনায় গগৈয়ে কয়- সংবিধান, আইন, গণতন্ত্ৰৰ বিৰোধী কথা নক'ব।চৰকাৰে যিমানেই চেষ্টা কৰিলেও দুই মিনিটত ৰখোৱা মোক সম্ভৱপৰ নহ'ব।

'চৰকাৰৰ কাৰণে মই ডাঙৰ শত্ৰুৰ দৰে হৈ পৰিছোঁ।মোৰ সময় কমাব কাৰণে কথা কৈ আছে'- বিধায়ক গৰাকীয়ে কয়।

Your Comments