বিজেপিয়ে বীৰ মৰ্যাদা দিয়া শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে দেশৰ স্বাধীনতা সংগ্রামত ব্ৰিটিছৰ পক্ষ লৈছিল- ৰাইজৰ দল

A

নিউজ ডেস্ক : 

ক'ৰনা নিয়ন্ত্ৰণত চুড়ান্ত ভাৱে ব্যৰ্থ হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ ব্যস্ত  ডঃ শ্যামপ্ৰসাদ মুখাৰ্জীৰ বৰ্ণনাত।যি সময়ত জনতাই ভেকচিনৰ বাবে হাহাকাৰ, মিনি লকডাউনৰ বাবে দুৰ্বিসহ জীৱন যাপন কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিত জুৰুলা হ'ব লগা হৈছে তেনে সময়তে শ্যামাপ্ৰসাদ মুখাৰ্জীৰ বিষয়ে আলোচনা কৰাটো দুৰ্ভাগ্যজনক - এই গুৰুতৰ অভিযোগ ৰাইজৰ দলৰ ।

ক'ভিড ব্যৱস্থাপনা, ক'ৰনাত ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ আৰু মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণ সাম্প্ৰতিক ৰাজনীতিৰ বিষয় হ'ব লাগিছিল।কিন্তু তাৰ সলনি অসমৰ বুৰঞ্জী গেৰুৱাকৰণৰ অপচেষ্টাত লিপ্ত হৈছে বিজেপি- সংবাদমেলৰ জৰিয়তে গুৰুতৰ অভিযোগ ৰাইজৰ দলৰ  কাৰ্যকৰী সভাপতি ভাস্ক'-ডি শইকীয়া।

গ্ৰুপিংৰ পৰা অসম ৰক্ষা পৰাৰ মূলতে আছিল গোপীনাথ বৰদলৈ, অম্বিকাগিৰী ৰায় চৌধুৰী আদিৰ নেতৃত্বত অসমবাসীয়ে গঢ়ি তোলা ব্যাপক আন্দোলন।জাতিৰ পিতা মহাত্মা গান্ধীৰ অৱদানো আছিল যথেষ্ট।কিন্তু সেই সকলক নস্যাত কৰি সমগ্ৰ কৃতিত্ব শ্যামাপ্ৰসাদ মুখাৰ্জীক দিব বিচৰা হৈছে।এই দৰেই বিজেপি-আৰ.এছ.এছে  কৌশলেৰে ইতিহাস গেৰুৱাকৰণ কৰে বুলি কয় শইকীয়াই।লগতে বিজেপি-আৰএছএছক কোনো  কাৰণত অসম বুৰঞ্জী গেৰুৱা কৰিবলৈ দিয়া নহ'ব বুলি উল্লেখ কৰে।

আনহাতে, মঠঘৰীয়া সংবাদমেলত আঞ্চলিক দলটোৱে শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে ভাৰতৰ স্বাধীনতাৰ সংগ্রামত ব্ৰিটিছক সহায় কৰা তথ্য সহকাৰে উদঙাই দিয়ে।সেই প্ৰসংগত কয় যে- ৪২ৰ ভাৰত ত্যাগ আন্দোলনত মুখাৰ্জী দল হিন্দু মহাসভাই ঔপনিৱেশিক ব্ৰিটিছক সহায় কৰাৰ সিদ্ধান্ত লৈছিল।কাৰণ তেওঁলোকৰ মতে আচল যুদ্ধ ভাৰতৰ মুছলমানৰ বিৰুদ্ধে।

ইয়াৰ উপৰিও মুখাৰ্জীয়ে বেংগল ৰাজ্যপাল জন হাৱাৰ্টক কোনো শক্তিয়ে ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত জনমত গঠনৰ যোগে চৰকাৰৰ আভ্যন্তৰীণ নিৰাপত্তাত ব্যাঘাত সৃষ্টি কৰিলে যিকোনো পদ্ধতিৰে সেই পৰিকল্পনা ৰোধ কৰা প্ৰয়োজন বুলি পত্ৰ যোগেদি জনাইছিল বুলিও সংবাদমেলত উল্লেখ কৰে।

ৰাইজৰ দলে কয়- দেশৰ স্বাধীনতা  সংগ্রামক যিগৰাকীয়ে বিশ্বাসঘাটকতা কৰিছিল সেই জনক বিজেপিয়ে বীৰ সজাবলৈ উঠি পৰি লাগিছে।

Your Comments