মৰিয়নি সমষ্টি উন্নয়নত ব্যৰ্থ ৰূপজ্যোতি কুর্মী পৰাজিত হোৱাটো খাটাং- অখিল গগৈ

A

নিউজ ডেস্ক :

মৰিয়নি উপ-নির্বাচনত ৰূপজ্যোতি কুৰ্মী পৰাজিত হোৱাটো খাটাং-এই  মন্তব্য  বিধায়ক অখিল গগৈৰ।সমষ্টি উন্নয়নত চুড়ান্ত ভাৱে ব্যৰ্থ বিধায়ক ৰূপজ্যোতি কুর্মী।বিজেপি বিৰোধী বিধায়কৰূপে যোৱাটো নির্বাচনত ৰাইজৰ দল' কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰচেষ্টা চলাই বিধায়ক কুর্মীক জয়ী কৰোৱা হৈছিল।কিন্তু জয়ী হৈ এমাহ নৌহওঁতেই বিজেপি দলত যোগদান কৰি সমষ্টিবাসীক চৰম বিশ্বাসঘাটকতা কৰাৰ উচিত প্ৰত্যুত্তৰ পাব উপ-নির্বাচনত বুলি অখিলে কয়।

আনহাতে, উপ-নির্বাচনত বিৰোধী উমৈহতীয়া প্ৰাৰ্থী প্ৰদান কৰা হ'ব বুলি বিধায়ক গগৈয়ে কয়- বিৰোধী উমৈহতীয়া প্ৰাৰ্থী থিয় কৰাৰ বাবে ইতিমধ্যে আলোচনা আৰম্ভ হৈছে।প্রাৰম্ভিক পৰ্যায় আলোচনাত এনে লাগিছে উমৈহতীয়া প্ৰাৰ্থী প্ৰদানত দলসমূহে সঁহাৰি জনাব।

অসম বিধানসভাত বিধায়কৰ কৰ্মশালাত উপস্থিত হৈ এইদৰে কয় বিধায়ক গৰাকীয়ে।

Your Comments