বিধায়ক অখিল গগৈক পঢ়া- শুনা কৰাৰ আহ্বান বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ

A

নিউজ ডেস্ক :

'বিধায়ক অখিল গগৈ আৰু ৰিপুন বৰাই তথ্য নথকাকৈ অদ্ভুত কথাৰে  ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ বিকৃতি ব্যাখ্যা দাঙি ধৰিছে।অসমীয়া ভাষা সাহিত্য লৈ থকাৰ অৱদান নস্যাত কৰি নিজৰ চিন্তা-চৰ্চাৰে কথাবোৰ কৈছে'- এই মন্তৱ্য বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ ।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তথ্য আধাৰত কোৱা কথাখিনিও নস্যাত কৰি মুখ্যমন্ত্ৰীক নিৰক্ষৰ, পঢ়া- শুনা নকৰে বুলি কোৱা অখিল গগৈয়ে পঢ়া-শুনা কৰক- আহ্বান মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব গৰাকীৰ।

নলবাৰীৰ বিধায়ক বৰুৱাই অখিল গগৈক মানসিক ৰোগৰ ভালকৈ চিকিৎসা কৰক বুলিও কটাক্ষ কৰে।

কংগ্ৰেছে কৈ গৌৰৱবোধ কৰা নেতা সকলৰ কথা পঢ়িলে ঘৃণা উপজিব বুলি বৰাই কয়।

'অখিল গগৈৰ অসমৰ ইতিহাসত অৰিহণা কি!মানুহক উচতাই আত্ম হত্যা কৰাইছিল।তথ্য বিহীন ভাৱে কুমিয়া মৰা স্বভাৱ আছে'-বিধায়ক বৰুৱাই কয়।

Your Comments