ৰাইজৰ দললৈ আহ্বান বীৰ লাচিত সেনাৰ: মৰিয়নি সমষ্টিৰ উপ-নির্বাচনে অখিল গগৈ- ৰাইজৰ দল'ৰ ভৱিষ্যত নিৰূপণ কৰিব

A

নিউজ ডেস্ক :


মৰিয়নি উপ-নির্বাচনে ৰাইজৰ দলৰ ভৱিষ্যত নিৰূপণ কৰিব।বিধায়ক অখিল গগৈৰ ভৱিষ্যত ৰাজনৈতিক দুৰদর্শিতা, পৰিপক্কতা, বিচক্ষণতা প্ৰমাণ কৰিব।মৰিয়নি উপ-নির্বাচন হিমন্ত বনাম অখিল বুলি উল্লেখ কৰি ৰাইজৰ দলক আহ্বান জনাই বীৰ লাচিত সেনাৰ সচিব ৰন্টুপানী ফুকনে কয় যে - 'অখিল গগৈৰ গৃহসমষ্টি মৰিয়নী গতিকে উপ-নির্বাচন মান স্বাভিমানৰ যুজঁ।গৃহসমষ্টিত জয়ী হৈ ৰাজনৈতিক বিচক্ষণতাৰ, দূৰদৰ্শীতা আৰু চাতুৰ্যতাৰ প্ৰমাণ দিব লাগে।নির্বাচনে গগৈৰ গ্ৰহণ যোগ্যতা, প্ৰাসংগিকতা প্ৰমাণ কৰিব'।

আঞ্চলিক শক্তি উত্তৰণৰ বাবে বীৰ লাচিত সেনাই সদায় কাম কৰিব।মৰিয়নী উপ-নির্বাচনত ৰাইজৰ দল জয়ী হবলৈ হ'লে সাম্প্ৰদায়িক শক্তিৰ পৰা আঁতৰি সূক্ষ্মভাৱে পৰ্যবেক্ষনে আগবাঢ়িব লাগে বুলি সচিব গৰাকীয়ে কয়।

'শিৱসাগৰত অখিল গগৈক জয়ী কৰাত বীৰ লাচিত সেনাৰ বিশেষ ভূমিকা আছে।মৰিয়নি নির্বাচনত বীৰ লাচিত সেনাক বাদ দি কোনো দলে জয়ী হ'ব নোৱাৰে।বীৰ লাচিত সেনা সমৰ্থক জাতীয়তাবাদী শক্তিৰ প্ৰতি থাকিব- শৃংখল চলিহাই কয়।

'সাম্প্ৰদায়িক আমছুৰ দৰে শক্তিক ৰাইজৰ দলত গুৰুত্ব দিলে নহ'ব।সাম্প্ৰদায়িক বিজেপিক পৰাজিত কৰিবলৈ আজিজুৰ ৰহমানৰ দৰে আমছু নেতাক লগত ললে নহ'ব।অন্যথা জাতি ৰক্ষাৰ বাবে কাম কৰি থকা জাতীয়তাবাদীৰ ব্যক্তিসকল বিতুষ্ট হব'- ৰাইজৰ দল'ক উদ্দেশ্য কৰি এইদৰে কয় সংগঠনটোৱে।

আনহাতে, ৰাইজৰ দল আৰু বীৰ লাচিত সেনাক একাংশই একেলগ কৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সচিব পানীফুকনে কয়-বীৰ লাচিত সেনা ৰাইজৰ দল গঠনৰ প্ৰস্তুতিৰ প্ৰক্রিয়াত জড়িত আছিল।কিন্তু অখিল গগৈক জয়ী কৰাই অনাৰ পাছত অৰাজনৈতিক স্বতন্ত্ৰ সত্তা অক্ষুন্ন ৰাখিছে।অ-ৰাজনৈতিক চৰিত্ৰত আছে বীৰ লাচিত সেনা।

ইফালে নৱগঠিত বিজেপিৰ নেতৃত্বাধীন চৰকাৰৰ দুমহীয়া কাৰ্যাকলাপত সুখী নহয় বীৰ লাচিত সেনা অসম।ক'ৰনা মহামাৰীৰ সময়তে অসমীয়া মানুহক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ।জীয়াই থকা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে জনতা।কিন্তু তেনে সময়তো মুখ্যমন্ত্ৰী হিমন্ত নেতৃত্বাধীন চৰকাৰ খনে ফলপ্ৰসু আঁচনি লোৱা নাই।পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে জনতাক জলা-কলা খুৱাই থকা সময়ত মৌনতা নীতিৰ গ্ৰহণ কৰিছে চৰকাৰে-সংগঠনৰ সচিব ৰন্টু পানীফুকনে এইদৰে কয়।

গুৱাহাটী গৌৰী সদনত সম্বোধন কৰা সংবাদমেলত মুখ্য সাংগঠনিক সম্পাদক নৱদ্বীপ বৰাও উপস্থিত থাকে।

Your Comments