অসম বিধানসভা বাজেট অধিৱেশনত উত্থাপন হ'ব গো-ৰক্ষা বিধেয়ক

A

নিউজ ডেস্ক :

অসম বিধানসভাৰ বাজেট অধিবেশনত ৰাজ্য চৰকাৰে উত্থাপন কৰিব গো-ৰক্ষা বিধেয়ক।অধিৱেশনত বিধেয়ক উত্থাপনৰ বাবে কেবিনেট বৈঠকে অনুমোদন জনাইছে।এই কথা অৱগত কৰিছে কেবিনেট মুখপাত্ৰ মন্ত্ৰী পিযুষ হাজৰিকাই।

উল্লেখ্য যে, অহা ১২জুলাইৰ পৰা অসম বিধানসভা বাজেট অধিৱেশন আৰম্ভ হ'ব।হিমন্ত চৰকাৰৰ প্ৰথম খন বাজেট অধিৱেশনত নির্বাচনী প্ৰতিশ্ৰুতি অনুসৰি উত্থাপন হ'ব গো -ৰক্ষা বিধেয়ক।

গুৰুত্বপূৰ্ণ কথা যে ১৬ জুলাইত দাখিল হ'ব হিমন্ত চৰকাৰৰ প্ৰথমখন বাজেট।বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট।

Your Comments