হিমন্ত কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ পঢ়ি লওঁক

A

নিউজ ডেস্ক :

ক'ৰনা আতংকৰ মাজতে জনতা ভৱনত বুধবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক।বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা সিদ্ধান্ত।কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত সংবাদমেলৰ জৰিয়তে অৱগত কৰে কেবিনেট মুখপাত্ৰ পিযুষ হাজৰিকাই।গ্ৰহণ কৰা সিদ্ধান্ত সমূহ হৈছে-

অসম চৰকাৰৰ সকলো কাৰ্যসূচী জাতীয় সংগীতেৰে আৰম্ভণি আৰু ৰাষ্ট্রীয় সংগীতেৰে সামৰণি পৰিব।

মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ মৰ্মে বৈঠকত অসম চৰকাৰৰ অনুষ্ঠানত হাতে-বোৱা গামোচা ব্যৱহাৰ হ'ব।আনহাতে, চৰকাৰী অনুষ্ঠানত পৰম্পৰাগত পিঠা-লাড়ু ব্যৱহাৰ হ'ব।উল্লেখ্য  যে, কেবিনেটে লোৱা সিদ্ধান্ত মূলতঃ মহিলা আত্মসহায়ক গোটসমূহৰ ব্যৱসায় বৃদ্ধি কৰা।এই কথা মন্ত্ৰী পিযুষ হাজৰিকাই কয়।

কেবিনেট সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যুৰ দিনা ২৮জুলাইত দেশভক্তি দিৱস হিচাপে উদযাপন কৰা হ'ব।

লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিনটোত ৫আগষ্টত কৰ্মচাৰী দিৱস হিচাপে উদযাপন হ'ব।উক্ত দিনা ৫ জন শ্রেষ্ঠ কৰ্মচাৰীক জিলা ভিত্তিক নির্বাচন কৰি পুৰস্কৃত কৰাৰ লগতে ৰাজ্যিক পৰ্যায়ত ১০জন কৰ্মচাৰী ক পুৰস্কৃত কৰিব ৰাজ্য চৰকাৰে।উল্লেখ্য  যে, শিক্ষকসকল অন্তৰ্ভুক্ত নহ'ব এই বঁটা।কৰ্মচাৰী পৰিষদৰ অধীনৰ কৰ্মচাৰী সকল ইয়াৰ অন্তৰ্ভুক্ত হ'ব।

সম্পূৰ্ণ লকডাউন ঘোষণা হোৱা ৰাজ্যৰ ৭খন জিলাত বৃহস্পতিবাৰৰ পৰা ৩দিনৰ বাবে  মন্ত্ৰী সকলে ভ্ৰমণ কৰিব।অৱশ্যে মন্ত্ৰী কেশৱ মহন্তৰ অধীনৰ জিলা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক আৰু মন্ত্ৰী অজন্তা নেওগৰ অধীনৰ জিলাৰ মন্ত্ৰী বিমল বৰাক পৰিভ্ৰমণ কৰা নিৰ্দেশ দিছে কেবিনেটে।কাৰণ স্বাস্থ্যমন্ত্ৰী মহন্তই সমগ্ৰ অসমৰ দায়িত্ব পালন কৰাৰ বিপৰীতে বিত্ত মন্ত্ৰী অজন্তা নেওগে আগন্তুক  দাখিল হ'ব লগা বাজেটক লৈ ব্যস্ত  আছে।

আনহাতে, কেবিনেটে টেট উৰ্ত্তীণ প্ৰাৰ্থীৰ চাৰ্টিফিকেটৰ বৈধতা ৭বছৰৰ পৰিৱৰ্তে জীৱনজোৰা বৈধতাক প্ৰদান কৰিছে।চাকৰিৰ ঊৰ্ধসীমাৰ ভিতৰত চাৰ্টিফিকেটখন প্ৰযোজ্য হ'ব।শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে এই কথা অৱগত কৰে।ইফালে কোনো টেট উত্তীৰ্ণই টেট বেটাৰমেণ্ট দিবও পাৰিব-মন্ত্ৰীয়ে লগতে কয়।

ইয়াৰ উপৰিও ৰাজ্যিক কৰ্মচাৰীৰ জুলাই মাহৰ আগলৈকে বিদ্যুৎ মাচুল আদায় দিয়াৰ এন.অ.চি নিজৰ বিভাগত জমা কৰিব লাগিব।তাৰ পৰৱৰ্তী পৰ্যায়ত আগষ্টৰ পৰা নিয়মীয়া গ্ৰাহকৰ দৰে বিল পৰিশোধ কৰিব পাৰিব।মাহে মাহে প্ৰমাণ পত্ৰ জমা দিব নালাগে- কেবিনেটৰ সিদ্ধান্ত মৰ্মে এই কথা ঘোষণা  কৰে শক্তিমন্ত্ৰী বিমল বৰাই।অন্যথা বন্ধ হৈ থাকিব দৰমহা ।B

Your Comments