অৱশেষত জোলাঙাৰ মেকুৰি ওলাল ৷ নৰেন্দ্ৰ মোডী চৰকাৰৰ যে হেজাৰ হেজাৰ কোটি টকাৰ বেংক ঋণ পৰিশোধ নকৰাকৈ বিজয় মালিয়া, নীৰৱ মোডী আৰু মেহুল চোকচিৰ দৰে উদ্যোগপতিয়ে ভাৰতৰ পৰা বিদেশলৈ পলায়ন কৰিছে সেই তথ্য পোহৰলৈ আহিল ৷ বুধবাৰে পলাতক বিজয় মালিয়াই লণ্ডনৰ ৱেষ্ট মিনিষ্টাৰ আদাল চৌহদৰ বাহিৰত মুকলিভাৱেই সাংবাদিক কয়, ‘দেশ এৰাৰ পূৰ্বে মই সকলো কথা বিত্তমন্ত্ৰী অৰুণ জেটলিক জনাইছিলো ৷’ বিজয় মালিয়াৰ এই মুকলি স্বীকাৰোক্তিক কেন্দ্ৰ কৰি এতিয়া ভাৰতৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
কংগ্ৰেছসহ আটাইবোৰ বিৰোধী দলে মোডী চৰকাৰক চোকা ভাষাত আক্ৰমণ কৰাৰ লগতে বিত্তমন্ত্ৰী অৰুণ জেটলিক অনতি পলমে পদত্যাগ কৰাৰ দাবী জনায় ৷ বিৰোধী দলবোৰে লগতে বিজয় মালিয়া আৰু নীৰৱ মোডী আদিৰ পলায়নৰ বিষয়টোৰ নিৰপেক্ষ তদন্তৰো দাবী জনায় ৷ মালিয়াৰ বিস্ফোৰক স্বীকাৰোক্তিৰ পিছত মোডী চৰকাৰৰ বিত্তমন্ত্ৰী অৰুণ জেটলি বিব্ৰত হৈ পৰিছে ৷ তেওঁ পোনে পোনে বিজয় মালিয়াৰ বক্তব্যক মিছা বুলি আখ্যা দিয়ে ৷ কিন্তু তৎসত্ত্বেও জেটলিৰ বক্তব্যৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উঠিছে ৷
বৰং বিজয় মালিয়াৰ সৈতে তেওঁৰ যে বাৰ্তালাপ হৈছিল সেই কথা জেটলিৰ বক্তব্যতো স্পষ্ট হৈ পৰিছে ৷ বুধবাৰে নিশা বিজয় মালিয়াৰ বিস্ফোৰক স্বীকাৰোক্তি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছ সাংসদ অভিষেক মানু সিংভিয়ে সাংবাদিকক কয়, ‘ওঠৰ মাহ ধৰি কংগ্ৰেছে দাবী কৰি আহিছে যে, কেৱল বিজয় মালিয়াই নহয় ৷ নীৰৱ মোডী আৰু তেওঁৰ সহযোগীসকলেও বিজেপিক সকলো কথা জনায়েই দেশৰ পৰা পলাই গৈছে ৷ বিজেপি চৰকাৰে সকলো কথাই জানে ৷
’ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে অনতি পলমে বিত্তমন্ত্ৰী অৰুণ জেটলিৰ পদত্যাগৰ দাবী জনায় ৷ তেওঁ টুইটাৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰা উচিত ৷’ সিংভিয়ে প্ৰশ্ন তোলে, ‘প্ৰত্যেকেই যেতিয়া জানে যে বিজয় মালিয়াই বিপুল পৰিমাণৰ ঋণৰ টকা বেংকসমূহক পৰিশোধ কৰা নাই, তেনে অৱস্থাত সেইজন ব্যক্তি কেনেকৈ দেশ এৰি পলাই যাবলৈ সক্ষম হ’ল ? আনহাতে চি পি আই (এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে কয়, ‘এই কথা স্পষ্ট যে এই সকলো ঘটনা কেন্দ্ৰীয় চৰকাৰৰ জ্ঞাতসাৰেই হৈছে ৷
বিজয় মালিয়া, নীৰৱ মোডী আৰু মেহুল চোকচি আদিয়ে বিজেপি আৰু মোডী চৰকাৰক সকলো কথা জনায়েই দেশৰ পৰা পলাই গৈছে ৷ পৰিকল্পনা কৰিয়েই বেংক লুট কৰি তেওঁলোকে দেশ এৰিছে ৷ আৰু এই সকলো কথা বিজেপিক জনায়েই তেওঁলোকে কৰিছে ৷’ উল্লেখ্য যে, মালিয়াই ৰাষ্ট্ৰীয়কৃত কেইবাটাও বেংকৰ পৰা ৯,০০০ কোটিৰো অধিক টকা ঋণ লৈ পৰিশোধ নকৰাকৈ দেশ এৰি পলাই গৈছে ৷ এইজন প্ৰতাৰক উদ্যোগপতি মালিয়া বিজেপিৰ সাংসদ হিচাপেও ৰাজ্যসভাত সাংসদ হিচাপে নিৰ্বাচিত হৈছে ৷
বিজেপি আৰু মোডী চৰকাৰৰ প্ৰশ্ৰয়তে নীৰৱ মোডী আৰু মেহুল চোকচিয়ে পঞ্জাব নেচনেল বেংকৰ পৰা ১৩,৫০০ কোটি টকা ঋণ লৈ গোপনে দেশ এৰি গুছি গৈছে ৷ বুধবাৰে বিজয় মালিয়াই লণ্ডনত বিস্ফোৰক স্বীকাৰোক্তি দিয়াৰ পিছত বিব্ৰত অৰুণ জেটলিয়ে মালিয়াৰ বক্তব্যক পোনে পোনে মিথ্যা আখ্যা দি কয়, ‘২০১৪ চনৰ পৰা মই তেওঁক সাক্ষাতৰ কোনো অনুমতি দিয়া নাছিলো ৷ ফলত তেওঁ মোক সাক্ষাৎ কৰাৰ কোনো প্ৰশ্নই নুঠে ৷ অৱশ্যে তেওঁ যিহতু ৰাজ্যসভাৰ সদস্য সেয়ে মাজে সময়ে তেওঁ মোৰ ওচৰলৈ আহিছিল ৷ এদিন তেওঁ সুযোগ পাই মোৰ পিছ লয় ৷ মই মোৰ ঘৰৰ উদ্দেশ্যে ৰাওনা হৈছিলো ৷
তেওঁ পিছফালৰ পৰা দৌৰি আহি ফুচফুচাই মোক কয়, ‘মই নিষ্পত্তিৰ প্ৰস্তাৱ দি আছো ৷’ মই আগৰে পৰাই মালিয়াই ঋণ পৰিশোধ নকৰাৰ কথা জানিছিলো ৷ সেয়ে মই উত্তৰত ক’লো, ‘মোৰ লগত কথা পাতি লাভ নহ’ব ৷ আপুনি বেংকৰ লগত কথা পাতক ৷’ এই সম্পৰ্কীয় কোনো নথি-পত্ৰ মোক দেখুওৱা হোৱা নাছিল ৷’ জেটলিয়ে আত্মপক্ষ সমৰ্থন কৰি কয় যে এবাৰৰ এই সাক্ষাতৰ পিছত মালিয়াৰ কোনো সাক্ষাৎ তেওঁ পোৱা নাই ৷
লক্ষণীয় যে মালিয়াৰে হোৱা এই সাক্ষাতৰ কথা সংবাদ মাধ্যমত সদৰী হোৱাৰ বহু আগৰে পৰাই কেন্দ্ৰীয় চৰকাৰ অৱগত আছিল ৷ তাৰ পিছতো জেটলিয়ে এই সাক্ষাতৰ কথা বাৰে বাৰে অস্বীকাৰ কৰি আহিছে ৷ এই লৈও এতিয়া প্ৰশ্ন উঠিছে ৷ এই সন্দৰ্ভত বিজেপিৰ বিসম্বাদী নেতা যশৱন্ত সিন্হাই কয়, ‘কেৱল মোডী চৰকাৰেই নহয়, বিজেপি দলেও নিজৰ নিৰ্দোষিতাৰ প্ৰমাণ দিব লাগিব ৷’ দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদবেও বিজয় মালিয়াৰ স্বীকাৰোক্তি সন্দৰ্ভত মোডী চৰকাৰক চোকা ভাষাত আক্ৰমণ কৰে ৷
লণ্ডনৰ আদালতে বিজয় মালিয়াক ভাৰতৰ হাতত প্ৰত্যৰ্পণ কৰাৰৰ গোচৰ সন্দৰ্ভত অহা ২০ ডিচেম্বৰত ৰায় ঘোষণা কৰিব বুলি জনাইছে ৷
- Log in to post comments
- 11 views