মাজুলীত কংগ্ৰেছৰ সভাপতিৰ পদ ত্যাগ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ

A

নিউজ ডেস্ক : 

কংগ্ৰেছ দলত আন এক মোক্ষম আঘাত।মাজুলীৰ প্ৰাক্তন বিধায়ক কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা ৰাজীৱ লোচন পেগুৰ পদত্যাগ।মাজুলীৰ জিলা কংগ্ৰেছৰ সভাপতি আছিল পেগু।নির্বাচনত পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পেগুৱে পদ ত্যাগ পত্ৰ প্ৰেৰণ কৰিছে সভাপতি ৰিপুন বৰালৈ।উল্লেখ্য যে, পেগুৱে পদ ত্যাগ কৰিলেও বৰ্তমানলৈ দলৰ প্ৰাথমিক সদস্য ত্যাগ কৰা নাই।

উল্লেখ্য যে, তৰুণ গগৈ চৰকাৰত জলসম্পদ মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল পেগুৱে।শেহতীয়া বিধান সভা নির্বাচনত মাজুলী সমষ্টিত কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল পেগুৱে আৰু সৰ্বানন্দ সোণোৱালৰ হাতত পৰাস্ত হৈছিল।


গুৰুত্বপূৰ্ণ প্ৰাক্তন মন্ত্ৰী পেগুৱে বৰ্তমান কংগ্ৰেছ দল ত্যাগ কৰা নাই যদিও চৰ্চা চলিছে শীঘ্ৰে যোগদান কৰিব বিজেপি দলত।কাৰণ মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰিলে উপ-নির্বাচন অনুষ্ঠিত হ'ব মাজুলীত।উপ- নির্বাচনত মাজুলী সমষ্টিত বিজেপিৰ পৰা প্ৰাৰ্থীত্ব পেগুৱে আগবঢ়াব বুলি ইতিমধ্যে বিভিন্ন মাধ্যমত খবৰ ওলাইছে।

Your Comments