ৰাজ্যত ৩৪ হাজাৰ শিশু- কিশোৰ ক'ভিডত আক্রান্ত,২৮৯০ গৰাকী বৰ্তমান চিকিৎসাধীন- কেশৱ মহন্ত

A

নিউজ ডেস্ক :

ৰাজ্যত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে ক'ৰনা আক্রান্ত শিশু- কিশোৰ সংখ্যা।১৮বছৰৰ তলৰ ৩৪হাজাৰ শিশু-কিশোৰ আক্রান্ত হৈছে ক'ভিডত।এই কথা মঙলবাৰে প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে বৰ্তমান ২৮৯০ গৰাকী ১৮বছৰ তলৰ আক্রান্ত চিকিৎসা ধীন হৈ আছে ৰাজ্যত।

উল্লেখ্য যে ,ক'ভিডৰ তৃতীয় লহৰত ১৮বছৰৰ তলৰ শিশু-কিশোৰ আক্রান্তৰ হাৰ সৰ্বাধিক হ'ব বুলি ইতিমধ্যে স্বাস্থ্য সংস্হাসমূহে সতৰ্ক কৰি দিছে।আনহাতে স্বাস্থ্যমন্ত্ৰী মহন্তই প্ৰকাশ কৰা মতে তৃতীয় লহৰ বৰ্তমান ৰাজ্যত অহা নাই। তৃতীয় লহৰৰ বাবে স্বাস্থ্য বিভাগ সাজু হৈছে।বিভাগে শিশুৰ বাবে ৰাজ্যত সুকীয়া আইচিইউ স্থাপন কৰা কাম আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। 

Your Comments