ৰংঘৰ বাকৰি পৰা অখিলৰ হুংকাৰ 'শিৱসাগৰ উন্নয়নত বিধি-পথালি দিয়া বিভাগক জোকাৰি দিয়া হব

A

নিউজ ডেস্ক :

প্ৰথমবাৰলৈ শিৱসাগৰ সমষ্টিত উপস্থিত বিধায়ক অখিল গগৈ।ঐতিহাসিক ৰংঘৰক সাক্ষী কৰি কোনো দিনে দুৰ্নীতি নকৰা শপত খালে বিধায়ক গৰাকীয়ে ।৫দিনৰ বিধায়ক গগৈ শিৱসাগৰ আৱৰ্ত ভৱনত থাকিব।যিসকলে তেওঁক সাক্ষাৎ কৰিব বিচাৰে শিৱসাগৰ আৱৰ্ত ভৱনলৈ সকলোকে অহা আহ্বান জনায় অখিলে।অৱশ্যে ক'ভিড বিধি পালন কৰি কম- কমকৈ অহাৰ আহ্বান জনায় সমষ্টিবাসীক।

'বিধায়ক হোৱাৰ আশা কোনো দিন নাছিল আৰু হ'ম বুলি ভবা  নাই।ৰাইজৰ প্ৰবল দাবীত প্ৰাৰ্থীত্ব আগবঢ়ালো আৰু জেলৰ পৰাই জয়ী কৰিলে।ইমান ডাঙৰ কাম কৰিলে, যিটো ঘটনা ভাৰতত দ্বিতীয় ঘটনা'- সমষ্টিবাসীক উদ্দেশ্যে কৰি শিৱসাগৰত এইদৰে কয় বিধায়কজনে।

শিৱসাগৰ সমষ্টিত কি কাম কৰিব বিধায়ক অখিলে সেই কথা উল্লেখ কৰি কয়- বাজেট অধিৱেশনৰ প্ৰথম দিনটোত অসম চৰকাৰৰ পুৰাতাত্বিক আইনৰ অধীনত শিৱসাগৰক ৰাজ্যিক ঐতিহ্য নগৰীৰূপে ঘোষণা বাবে প্ৰস্তাৱ দাখিল কৰা হ'ব।

বৌদ্ধিক ঐতিহ্য সংৰক্ষণৰ বাবে শিৱসাগৰত 'ৰুদ্ৰসিংহ ক্ষেত্ৰ' নামেৰে কলাক্ষেত্ৰ স্থাপনৰ প্ৰস্তাৱ।কলাক্ষেত্ৰৰ ভিতৰত টাই আহোম পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ, বিহু পৰাৰ আৰম্ভ কৰি জিকিৰ-জাৰিলৈকে সকলো সংস্কৃতিৰ চৰ্চা চলিব।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সংগ্রাহালয় স্থাপন কৰাৰো প্ৰস্তাৱ থাকিব।অসমৰ সকলো বৌদ্ধিক ঐতিহ্য সংৰক্ষণৰ জৰিয়তে অসমীয়াৰ জাতি বৌদ্ধিক শিপাডাল অধ্যয়ন কৰিব পাৰিব।

আনহাতে, শিৱসাগৰৰ ৰাস্তা-ঘাট, দলং, খোৱাপানী, জলসিঞ্চন এই সকলোবোৰ দিশ মুখ্যমন্ত্ৰী সমষ্টিত উন্নয়ন  হোৱাৰ দৰে হ'ব লাগিব।যদি নহয় তেন্তে মুখ্যমন্ত্ৰীক আৰু আন মন্ত্ৰীক শান্তিত থাকিবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰি দিয়ে গগৈয়ে।

বিধায়ক হৈ আন্দোলনৰ পৰা পলায়ন, আত্মসমৰ্পন কৰা নাই।আন্দোলনৰ পৰিসৰ বৃদ্ধি কৰা  বুলিও উল্লেখ কৰে গগৈয়ে।  

শিৱসাগৰৰ উন্নয়ন যদি কোনো বিভাগে কৰিব নোখোজে তেন্তে প্রতিটো বিভাগক জোকাৰি দিয়া হ'ব।ৰংঘৰ বাকৰিৰ পৰা অসম চৰকাৰক সকীয়নী জনাই আৰু সমষ্টিবাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰে  বিধায়ক গৰাকীয়ে।

উল্লেখ্য যে  কাৰাবন্দীৰ পৰা মুকলি হৈ আজি পুৱা ৰাওনা হৈছিল সমষ্টি শিৱসাগৰলৈ।যাত্ৰা পথত প্রিয় নেতা গৰাকীক বিভিন্ন জনে সম্বৰ্ধনা জনাইছিল।

Your Comments