ৰাজ্যৰ ৬ জিলাত ১০ দিনৰ সম্পূৰ্ণ লক্‌ডাউনৰ ইংগিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ, কোন কোন জিলাত পঢ়ি জানি লওক

HBS

ৰাজ্যত ক’ভিড পৰিস্থিতি ক্ৰমাৎ ভাললৈ আহিছে যদিও বহুকেইখন জিলাত আক্রান্তৰ হাৰ উদ্বেগজনক ভাৱে বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে চৰকাৰ। বুধবাৰে ৰাজ্যৰ ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰিব চৰকাৰে। এই কথা অৱগত কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।ক’ভিড আক্রান্তৰ সংখ্যা হ্ৰাস নোপোৱা জিলাত ১০ দিনৰ  সম্পূৰ্ণ লকডাউনৰ ঘোষণা কৰা হ’ব বুলিও তেওঁ লগতে কয়। ক’ভিড আক্রান্তৰ হাৰ হ্ৰাস নোপোৱা জিলাসমূহ হ’ল গোলাঘাট, শোণিতপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া, বিশ্বনাথ, নগাঁও আৰু কাছাৰ।

উল্লেখ্য যে, বুধবাৰৰ পৰ্যালোচনাত অন্য জিলাটো ক’ভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ তথ্য ওলালে সেইজিলাটো হ’ব সম্পূৰ্ণ লক্‌ডাউন ৷ এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

Your Comments