ৰাজ্য চৰকাৰৰ দায়িত্বশূন্যতাৰ বাবে ৰন্ধন গেছৰ ভয়াৱহ নাটনিৰ সন্মুখীন হ’ব অসমবাসী ৷
অসমৰ প্ৰাপ্য কাৰ্যালয়সমূহ অসমক বঞ্চিত কৰি অন্য ৰাজ্যত স্থাপন কৰাৰ প্ৰতিবাদ কৰি থকাৰ সময়তে ভাৰতীয় তেল নিগমে অন্য এক অসমবিৰোধী কাৰ্যত জড়িত হৈ পৰিছে ৷
গুৱাহাটীত থকা ভাৰতীয় তেল নিগমৰ ৰন্ধন গেছৰ লগত জড়িত ব্যৱসায়িক কাৰ্যালয় কলকাতালৈ নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই ক্ষেত্ৰত ব্যৱসয়ীসকলে নিবিদাত অংশগ্ৰহণ কৰাকে লৈ সকলো কামৰ বাবে কলকাতালৈ অহা-যোৱা কৰিব লাগিব ৷
ইয়াৰ লগতে অসমৰ ব্যৱসায়ীসকলে যাতে ৰন্ধন গেছৰ চিলিণ্ডাৰ সৰবৰহাকে ধৰি অন্যান্য দিশত ব্যৱসায় কৰিব নোৱাৰে, ভাৰতীয় তেল নিগমৰ কৰ্তৃপক্ষই ষড়যন্ত্ৰমূলকভাৱে তাৰো ব্যৱস্থা কৰিছে ৷
ভাৰতীয় তেল নিগমৰ সিদ্ধান্তৰ প্ৰতিবাদত এল পি জি ট্ৰেন্সপ’ৰ্ট এছ’চিয়েচনে অনিৰ্দিষ্টকালীন ধৰ্মঘট আৰম্ভ কৰিছে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ লগতে অসমৰ ছটা ৰন্ধন গেছ প্ৰকল্প বৰ্তমান অচল হৈ পৰিছে ৷
ভাৰতীয় তেল নিগমৰ কৰ্তৃপক্ষই এই সমস্যা সমাধান কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাত পৰিৱেশ বৰ সংকটপূৰ্ণ হৈ পৰিছে ৷ ফলত সমগ্ৰ ৰাজ্যতে ৰন্ধন গেছৰ ভয়াৱহ নাটনিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷
অসমৰ ব্যৱসায়ীসকলক বঞ্চিত কৰি ৰাজ্যৰ বাহিৰৰ ব্যৱসায়ীৰ হাতত ৰন্ধন গেছ সৰবৰাহৰ ব্যৱস্থা দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ভাৰতীয় তেল নিগমৰ কৰ্তৃপক্ষ ৷ সোণোৱাল চৰকাৰে এই ক্ষেত্ৰত তৎকালে হস্তক্ষেপ কৰাৰ প্ৰয়োজন আছিল ৷
অসমত ইতিমধ্যে থকা ভাৰতীয় তেল নিগমৰ কাৰ্যালয় অসমৰ বাহিৰলৈ নিয়াৰ ক্ষেত্ৰত মুখ্য মন্ত্ৰী সোণোৱালে বাধা দিয়া উচিত বুলি সচেতন মহলে মতপ্ৰকাশ কৰে ৷
অসমৰ ব্যৱসাধীসকলে যাতে ভাৰতীয় তেল নিগমৰ নিবিদাত অংশগ্ৰহণ কৰিব নোৱাৰে, তাৰো ব্যৱস্থা গ্ৰহণ কৰিছে তেল নিগমৰ কৰ্তৃপক্ষই ৷
- Log in to post comments
- 34 views